Burj Khalifa:✒️সকলো ঠিকে থাকিলে আগন্তুক তিনি বছৰৰ ভিতৰত ডুবাইৰ বিখ্যাত বুর্জ খলিফাই বিশ্বৰে সবাতোকৈ ওখ অট্টালিকাৰ স্বীকৃতি হেৰুওৱাটো নিশ্চিত হৈছে। সম্প্রতি ছৌডি আৰবৰে জেদ্দাহত নির্মাণ হৈ থকা এটা টাৱাৰে বুৰ্জ খলিফাৰ এই স্বীকৃতি কাঢ়ি লোৱাৰ দিশত অগ্ৰসৰ হৈছে।
সম্প্ৰতি নির্মীয়মাণ অৱস্থাত থকা এই অট্টালিকাৰ ৮০ টা মহলৰ নিৰ্মাণ কার্য সম্পূর্ণ হৈছে।
চলিত বৰ্ষৰ জানুৱাৰীত নির্মাণ আৰম্ভ হোৱা জেদ্দাহৰ এই টাৱাৰ এহেজাৰৰো অধিক মিটাৰ ওখকৈ সজাৰ পৰিকল্পনা কৰিছে সংশ্লিষ্টসকলে। ইতিমধ্যে ইয়াৰ ৮০ টা মহলাৰ কাম সম্পূৰ্ণ হৈছে।
প্রতি তিনি-চাৰিদিনৰ মূৰে মূৰে একোটাকৈ মহলাৰ কাম শেষ কৰা হৈছে। আশা কৰা হৈছে যে ২০২৮ৰ ভিতৰত এই অট্টালিকা নিৰ্মাণৰ কাম সম্পূর্ণ হ’ব। যদি সেয়াই হয় তেন্তে বুর্জ খলিফাই বিশ্বৰ সবাতোকৈ ওখ অট্টালিকাৰ স্বীকৃতি হেৰুৱাব।
কাৰণ বুৰ্জ খলিফাৰ উচ্চতা হৈছে ৮২৮ মিটাৰ। ইয়াৰ বিপৰীতে জেদ্দাহৰ টাৱাৰটো এহেজাৰৰো অধিক মিটাৰ ওখকৈ নিৰ্মাণৰ লক্ষ্য লোৱা হৈছে। এই নৱনিৰ্মিত টাৱাৰৰ নাম কিংডম টাৱাৰ ৰখা হৈছে। এই টাৱাৰটোৰ নিৰ্মাণ সম্পূর্ণ হ’লে ইয়াৰ উচ্চতা এক কিলোমিটাৰৰো অধিক হ’ব।
আনহাতে ছৌডি আৰবত এই কিংডম টাৱাৰতকৈও ওখ আন এক টাৱাৰ নিৰ্মাণৰ পৰিকল্পনাও চলি আছে। প্রস্তাবিত ‘ৰাইজ টাৱাৰ’ নামৰ এই টাৱাৰৰ উচ্চতা দুই কিলোমিটাৰ অৰ্থাৎ দুহেজাৰ মিটাৰ হ’ব। উল্লেখ্য যে ছৌডি আৰবৰ ভিজন ২০৩০ৰ অধীনত জেদ্দাহৰ টাৱাৰটোৰ নির্মাণ কার্য চলি আছে।
এই টাৱাৰ জেদ্দাহ ইক’নমিক চিটিত অবস্থিত। এই টাৱাৰত বিলাসী ফ্রেট, অভিজাত হোটেল, ছার্ভিচড এপার্টমেন্ট, ব্যক্তিগত প্ৰতিষ্ঠানৰ কার্যালয় আদি থাকিব। উল্লেখ্য যে এই টাৱাৰৰ নক্সা প্ৰস্তুত কৰিছে এড্রিয়ান স্মিথে। তেওঁ বুর্জ খলিফাৰ সহ-নক্সা প্রস্তুতকাৰক আছিল। উল্লেখ্য যে বুর্জ খলিফাও হৈছে আধুনিক অভিযান্ত্রিক আৰু স্থাপত্যৰ এক বিস্ময়।






























