Hailakandi Accident:হাইলাকান্দি সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা

এছএছপি কনভয়ে মহতিয়াই নিলে এজন যুৱকক

Accident

Hailakandi Accident:

ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে পথ দুৰ্ঘটনা ৷ হাইলাকান্দি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ জিলা খনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কনভয়ে মহতিয়াই নিয়ে এজন যুৱকক। থিতাতে কৰুণ মৃত্যুক সাৱটি লোৱা যুৱকজনৰ নাম বিশ্বজিৎ দাস৷ দুৰ্ঘটনাটি সংঘটিত হয় কালীবাৰী ৰোডত ৷ মৃত যুৱকজনৰ ঘৰ  নতুনপাৰা অঞ্চলত ৷ ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰা বাহন খনৰ চালকজনক আটক কৰাৰ লগতে বাহন খন জব্দ কৰিছে হাইলাকান্দি যানবাহন আৰক্ষীয়ে।

Exit mobile version