Narendra Modi:মাজনিশা কৰ্ণাটকত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। এখন বাছ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষত সংঘটিত হয় অগ্নিকাণ্ড। এই ঘটনাত অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে কমেও ১০ জন লোক ।আহত হয় বহু যাত্ৰী।
খবৰ পোৱাৰ লগে লগে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হয়। দীৰ্ঘসময়ৰ প্ৰচেষ্টাৰ অন্তত নিয়ন্ত্ৰণলৈ অনা হয় জুই। ইতিমধ্যে এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
বুধবাৰে বেংগালুৰুৰ পৰা শিৱমোগ্গা অভিমুখে ৰাওনা হৈছিল বাছখন।কৰ্ণাটকৰ চিত্ৰদুৰ্গা পাওঁতে পুৱতি নিশা অনুমান দুই বাজি ৩০ মিনিটত বাছখন দুৰ্ঘটনা পতিত হয় ।
স্থানীয় সূত্ৰৰ মতে, ৪৮ নং ৰাষ্ট্ৰীয় ঘাইপথত বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকৰ স’তে বাছখনৰ মুখামুখি সংঘৰ্ষ হয়।
ইয়াৰ পাছতে বাছখনত অগ্নিকাণ্ড সংঘটিত হয়। তীব্ৰ বিস্ফোৰণৰ শব্দ শুনি স্থানীয় ৰাইজে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয়। খবৰ পাই আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাৰে উপস্থিত হয়। এই দুৰ্ঘটনাত কমেও ১০ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন বহু লোক আহত হয়।
আৰক্ষীৰ সূত্ৰ অনুসৰি বাছখনত ৩২ জন যাত্ৰী আছিল, আটাইকেইজনেই শুই আছিল। হঠাতে সংঘটিত হয় এই মৰ্মান্তিক দুৰ্ঘটনা।
কৰ্ণাটকৰ এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ নিজৰ এক্স হেণ্ডেলত লিখিছে, “কৰ্ণাটকৰ দুৰ্ঘটনাটো হৃদয়বিদাৰক। মৃতকৰ পৰিয়াললৈ মোৰ সমবেদনা। আহতসকলৰ আশু আৰোগ্য কামনা কৰিলোঁ।”
উল্লেখ্য যে,মৃতকৰ পৰিয়ালক দুই লাখ টকা আৰু আহতসকলক ৫০ হেজাৰ টকীয়া আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰা হৈছে।






























