New DC Appointed:কামৰূপ মহানগৰ সহ ৰাজ্যৰ ১৪খন জিলাৰ আয়ুক্ত বদলি

WhatsApp Image 2025 12 25 at 3.32.43 PM

New DC Appointed:

ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ পাঁচটা মাহ থকা অৱস্থাত কামৰূপ মহানগৰ সহ ৰাজ্যৰ ১৪ জিলাৰ আয়ুক্ত বদলি নিৰ্দেশনা জাৰি কৰে ৰাজ্য চৰকাৰে৷ সেই অনুসৰি কামৰূপ (ম)ৰ আয়ুক্ত সুমিত ছাট্টোৱানক তিনিচুকীয়ালৈ বদলি কৰাৰ বিপৰীতে জিলা খনৰ আয়ুক্ত স্বপ্নীল পালক কামৰূপ (ম)ৰ দায়িত্ব দিয়া হয় ৷ একেদৰে শিৱসাগৰৰ আয়ুক্ত আয়ুস গাৰ্গক কাছাৰলৈ বদলি আৰু জিলা খনৰ আয়ুক্ত মৃদুল যাদৱক শিৱসাগৰৰ আয়ুক্তৰ দায়িত্ব ৷

একেদৰে ধুবুৰীৰ আয়ুক্ত দিবাকৰ নাথক বঙাইগাঁৱলৈ বদলি ধুবুৰীৰ আয়ুক্ত দিয়া হয়নৱদ্বীপ পাঠকক । আনহাতে দৰঙৰ আয়ুক্ত পৰাগ কুমাৰ কাকতিক গোলাঘাটৰ আয়ুক্ত ৰূপে দায়িত্ব দিয়া হয় ।কোকৰাঝাৰৰ আয়ুক্ত মাছন্দা মেগডালিন পার্টিনক
অসম চৰকাৰৰ বিত্তীয় বিভাগৰ যুটীয়া সচিব হিচাপে দায়িত্ব দিয়াৰ বিপৰীতে জিলা খনৰ নতুন আয়ুক্ত হিচাপে দায়িত্ব দিয়া হয় তামুলপুৰৰ আয়ুক্ত পংকজ চক্ৰৱৰ্তীক। পৰিৱেশ আৰু বনবিভাগৰ যুটীয়া সচিব চিমি কৰনক তামুলপুৰৰ আয়ুক্ত ৰূপে দায়িত্ব দিয়া হয় ৷

আনহাতে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ আয়ুক্তৰ হিচাপে দায়িত্ব দিয়া হয় আৰণ্যক শইকীয়াক। জিলা খনৰ আয়ুক্ত নীৰলা ফাংছ পিক অসম চৰকাৰৰ অতিৰিক্ত সচিব ৰূপে নতুন দায়িত্ব দিয়া হয়। দৰঙৰ আয়ুক্তৰ হিচাপে দায়িত্ব দিয়া হয় পূবালী গোহাঁইক। গোলাঘাটৰ আয়ুক্ত পুলক মহন্তকো দিয়া হয় নতুন দায়িত্ব ৷

 

 

 

Exit mobile version