R. Madhavan:✒️ পুনৰ শিৰোনাম দখল কৰিছে অভিনেতা আৰ মাধৱন। কিন্তু কোনো নতুন চিনেমাৰ বাবে নহয়, তেওঁৰ ২১ দিনৰ অবিশ্বাস্য ওজন কমাব পৰা ৰুটিনৰ বাবে। আচৰিত কথাটো হ’ল এই সমগ্র সময়ছোৱাত তেওঁ জিমলৈ যোৱা নাছিল, গধুৰ ব্যায়াম কৰা নাছিল আৰু কঠোৰ খাদ্যাভ্যাস পালন কৰা নাছিল।
তথাপি তেওঁ লক্ষ্যণীয়ভাবে ওজন কমাবলৈ সক্ষম হৈছিল। মাধৱনৰ এই অভ্যাস এতিয়া ভাইৰেল। অভিনেতাজনে ঠিক কি অনুসৰণ কৰিলে? বিচাৰি উলিওৱা-
মাজে মাজে উপবাস: প্রথম পদক্ষেপ আছিল দিনত খাদ্য খোৱাৰ সময় নিৰ্ধাৰণ কৰা। মাধৱনে ক’লে যে তেওঁ প্রথমে খোৱাৰ সময়সূচী সলনি কৰিলে। প্রতিদিনে নির্দিষ্ট সময়ত সকলো আহাৰ শেষ কৰে। সন্ধিয়া ৬-৪৫ বজাৰ ভিতৰত তেওঁ দিনটোৰ শেষ আহাৰ খায়। ফলত শৰীৰক হজম কৰিবলৈ বহু সময় দিয়া হয়, যিটোৱে ওজন কমাবলৈ বিশেষভাৱে সহায় কৰে।
চোবাই খোৱা: ওজন কমাবলৈ মাধৱনৰ আটাইতকৈ চর্চিত অভ্যাসটো হ’ল খুব ভালকৈ চোৱাই খোৱা। তেওঁ প্ৰতিটো কামোৰ ৪৫ৰ পৰা ৬০ বাৰ চোবাই খায়। আনকি পানীও লাহে লাগে খোৱা হয়। অভিনেতাগৰাকীয়ে কয় যে লাহে লাহে খোৱাটোৱে খাদ্য খৰতকীয়াকৈ হজম কৰাত সহায় কৰে, কম খোৱাৰ পাছতো পেট ভৰি পৰে আৰু অজানিতে কম কেলৰি খোৱা হয়। চিকিৎসকৰ মতে এই অভ্যাসে পাচনতন্ত্র শক্তিশালী কৰে।
দুপৰীয়া তিনি বজাৰ পাছত কেঁচা খাদ্য নিষিদ্ধ: ২১ দিনৰ ৰুটিনত মাধৱনে বিয়লি তিনি বজাৰ পাছত কোনো কেঁচা খাদ্য যেনে চালাড বা ফল-মূল নাখায়। আগতে তেওঁ কেৱল ৰন্ধা খাদ্যহে খাইছিল, যিটো ৰাতি সহজে হজম হয়।
ব্যায়াম নাই, প্রতিদিনে লঘু খোজ কঢ়া : মাধৱনে জিমলৈ নোযোৱাকৈ নিয়মীয়া গতি বজাই ৰাখিবলৈ প্রতিদিনে কেই কিলোমিটাৰৰ খোজ কাঢ়িছিল। গধুৰ ব্যায়াম নহয়, কিন্তু নিয়মীয়াকৈ খোজ কঢ়াই তেওঁৰ শৰীৰটো সক্ৰিয় কৰি ৰাখিছিল। শুই উঠাৰ আগতে ৯০ মিনিট পর্দা
নাই: ওজন কমাবলৈ টোপনিৰ গুৰুত্বৰ ওপৰতো মাধৱনে আলোকপাত কৰে। শুই উঠাৰ আগতে কমেও ডেৰ ঘণ্টাৰ আগতে ম’বাইল আৰু লেপটপটো বন্ধ কৰি দিছিল। ইয়াৰ ফলত টোপনিৰ মান উন্নত হয়, হৰম’ন আৰু বিপাকীয় ক্রিয় ঠিকেই থাকে।
প্রচেছড খাদ্য সম্পূর্ণৰূপে নাইকিয়া কৰা: মাধৱনে চেনি, ভজা খাদ্য আৰু পেকেটত ভৰোৱা খাদ্য সম্পূর্ণরূপে নাইকিয়া কৰে। তাৰ পৰিৱৰ্তে তেওঁ খাদ্যত প্ৰচুৰ পৰিমাণে শাক-পাচলি, পর্যাপ্ত পৰিমাণৰ পানী আৰু লাহে লাহে সিজোৱা খাদ্য যোগ কৰিছিল।
২১ দিনত ফলাফল সলনি হোৱা দেখিলে মাধৱনে। তেওঁৰ ওজন বহুত কমি গ’ল, শক্তি বাঢ়ি গ’ল, মুখৰ ফুলি উঠাটো নোহোৱা হৈ গ’ল। আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল এই সমগ্র পদ্ধতিটো ঘৰতে সহজে কৰিব পাৰি আৰু ইয়াৰ বাবে ব্যয়বহুল নহয়। সেইবাবেই মাধৱনৰ ২১ দিনীয়া কটিন এতিয়া ইণ্টাৰনেটত ব্যাপক ভাইৰেল হৈ পৰিছে।






























