Delhi:✒️প্ৰদূষিত দিল্লীত উশাহ লোৱাটো দৈনিক ২৫-৩০ টা চিগাৰেট খোৱাৰ সমতুল্য। এনে পৰিস্থিতিত এয়াৰ পিউৰিফায়াৰৰ জি এছ টি (সামগ্ৰী আৰু সেৱা কৰ) হ্ৰাস কৰাৰ বাবে দিল্লী উচ্চ ন্যায়ালয়ত জনস্বাৰ্থৰ গোচৰ ৰুজু কৰা হৈছে।
কেন্দ্ৰীয় চৰকাৰে সেই আবেদনৰ তীব্ৰ বিৰোধিতা কৰে। কেৱল সেয়াই নহয়, চৰকাৰে আবেদনকাৰীৰ উদ্দেশ্যক লৈও প্ৰশ্ন উত্থাপন কৰে।
এয়াৰ পিউৰিফায়াৰৰ জি এছ টি হ্ৰাস কৰা আৰু চিকিৎসা সঁজুলি হিচাপে শ্ৰেণীভুক্ত কৰাক লৈ কপিল মদন নামৰ এজন অধিবক্তাই দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে ।
সেই আবেদনৰ ভিত্তিত উচ্চ ন্যায়ালয়ে জি এছ টি পৰিষদক এই বিষয়ত জৰুৰী বৈঠক অনুষ্ঠিত কৰিবলৈ আৰু যিমান পাৰি সোনকালে সিদ্ধান্ত ল’বলৈ নিৰ্দেশ দিয়ে।
এই নিৰ্দেশনা জাৰি কৰাৰ দুদিন পাছতে দিল্লী উচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰা সঁহাৰি বিচাৰিছিল। অতিৰিক্ত ছলিচিটৰ জেনেৰেল এন ভেংকটাৰমনে কয় যে মাত্ৰ দুদিনৰ ভিতৰতে এই বিষয়ত কোনো সঁহাৰি দিয়াটো সম্ভৱ নহয়।
আদালতৰ পৰা সময় বিচাৰি অতিৰিক্ত ছলিচিটৰ জেনেৰেলে কয় যে জি এছ টি কাউন্সিল এটা স্বায়ত্তশাসিত সাংবিধানিক সংস্থা। ইয়াৰ নিজস্ব পদ্ধতি আছে। ইতিমধ্যে সংসদীয় সমিতিয়ে জি এছ টি পৰিষদলৈ কিছু পৰামৰ্শ প্ৰেৰণ কৰিছে।
অধিক সময় বিচৰাৰ উপৰিও কেন্দ্ৰীয় চৰকাৰৰ অধিবক্তাই আবেদনকাৰীক আক্ৰমণ কৰে।তেওঁৰ মতে, এয়াৰ পিউৰিফায়াৰক চিকিৎসা সামগ্ৰীৰ শিতানত অনাৰ বাবে গোচৰ ৰুজু কৰা হৈছে যদিও স্বাস্থ্য মন্ত্ৰালয়ক এই গোচৰৰ পক্ষ হিচাপে লোৱা হোৱা নাই।
কোনো সামগ্ৰীক চিকিৎসা সামগ্ৰী হিচাপে শ্ৰেণীভুক্ত কৰাৰ কৰ্তৃত্ব জি এছ টি কাউন্সিলৰ নাই।






























