kherani:খেৰণিত সংঘটিত পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰীৰে বৈঠকত মিলিত হ’ব প্ৰতিবাদকাৰীৰ

ত্রিপাক্ষিক বৈঠকত উপস্থিত থাকিব কেএএচিৰ চিইএম তুলিৰাম ৰংহাং সহ ২৬টা পৰিষদীয় সমষ্টিৰ প্ৰতিনিধি, খেৰণিত ২ নিহতৰ পৰিয়াললৈ ৫ লাখ টকাৰ সাহায্য ৰাজ্য চৰকাৰৰ

WhatsApp Image 2025 12 26 at 12.14.07 PM

kherani:

পাৰ্বত্য জিলা কাৰ্বি আংলঙৰ খেৰণিত সংঘটিত উত্তেজনাময় পৰিস্থিতিক লৈ আজি দিছপুৰত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত হ’ব ত্রিপাক্ষিক বৈঠক। বৈঠকত অংশ ল’ কাৰ্বি যুৱ নেতা লিটচন ৰংফাৰৰ নেতৃত্বত প্ৰতিবাদকাৰী,কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদ আৰু ৰাজ্য চৰকাৰ। একেদৰে বৈঠকত অংশ ল’ব ২৬ পৰিষদীয় সমষ্টিৰ পাৰিষদ আৰু চিইএম তুলিৰাম ৰংহাং ৷ এই বৈঠকত বহুচৰ্চিত পিজিআৰ- ভিজিআৰ বিষয়টোকোলৈ হ’ব আলোচনা ৷

আনহাতে খেৰণিত সংঘটিত হিংসাত্মক ঘটনাত নিহত দুই পৰিয়াললৈ ৰাজ্য চৰকাৰে পাঁচ লাখ টকাকৈ সাহায্য আগবঢ়াই।

উল্লেখ্য যে খেৰণিত সংঘটিত উত্তেজনাময় পৰিস্থিতি ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে । সেনাৰ ফ্লেগমাৰ্চ অব্যাহত থকা খেৰণিত বৃহস্পতিবাৰে দিনটোত সংঘটিত হোৱা নাই কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি ৷আৰক্ষী- সেনাৰ কটকটীয়া নিৰাপত্তা আৰু টহলত অঞ্চলটোৰ জীৱনযাত্ৰা স্বাভাৱিক হৈ পৰিছে ৷ ব্যৱসায়ীক প্ৰতিষ্ঠান সমূহ খোলা হৈছে ৷

Exit mobile version