Road Block in Kaliabar:কলিয়াবৰত চাৰিলেণ্ডযুক্ত ৰাজপথৰ দাবীত ৰাজপথ অৱৰোধ

পাঁচ শতাধিক জনতাই ৰাজপথ অৱৰোধৰে সাব্যস্ত কৰিছে প্ৰতিবাদ, তিনিঘণ্টা ধৰি উজনি-নামনিৰ যাতায়াত বন্ধ, অৱশেষত নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ বুজনিত শান্ত হ'ল প্ৰতিবাদকাৰী

WhatsApp Image 2025 12 26 at 4.44.20 PM

Road Block in Kaliabar:

নগাঁও জিলাৰ কলিয়াবৰত শুকুৰবাৰে চাৰিলেণ্ডযুক্ত ৰাজপথৰ দাবীত ৩৭ নং ৰাষ্টীয় ঘাইপথ অৱৰোধ কৰে কে’বা শতাধিক লোকে ৷ কলিয়াবৰৰ কুঁৱৰীটোলৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত চাৰিলেণ্ডযুক্ত ৰাজপথ দাবী সমিতি আৰু অসম জাতীয়তাবাদী যুৱ- ছাত্ৰ পৰিষদৰ আহ্বানক্ৰমে ৰাজপথত অৱৰোধ কাৰ্যসূচীত প্ৰায় পাঁচ শতাধিক লোকে অংশগ্ৰহণ কৰে ৷

ৰাজপথ অৱৰোধৰ ফলত প্ৰায় তিনিঘণ্টা ধৰি উজনি-নামনিৰ যাতায়াত বন্ধ হৈ পৰে ৷ পথৰ দুয়ো দিশে আৱদ্ধ হয় শ-শ বাহন ৷ অৱশ্যে জৰুৰীকালীন সেৱাৰ বাহন যাবৰ বাবে অনুমতি দিয়া হয় ৷ চাৰিলেণ্ডযুক্ত ৰাজপথৰ দাবীত প্ৰতিবাদকাৰী সকলে সাব্যস্ত কৰা উত্তাল প্ৰতিবাদৰ মাজতে প্ৰতিবাদস্থলীত উপস্থিত হয় নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা ৷ আয়ুক্ত গৰাকীৰ স’তে প্ৰতিবাদকাৰীৰে হোৱা বাৰ্তালাপমৰ্মে প্ৰতিবাদকাৰীয়ে ৰাজপথ অৱৰোধ প্ৰত্যাহাৰ কৰে ৷

উল্লেখ্য যে ৩০ তাৰিখলৈকে জিলা প্ৰশাসন তথা ৰাজ্য চৰকাৰক সময়সীমা বান্ধি দিলে প্ৰতিবাদকাৰীয়ে। অন্যথা ১৭ জানুৱাৰীত কাজিৰঙালৈ আহিবলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত এহাজাৰ প্ৰতিবাদকাৰীয়ে মুখত ক’লা কাপোৰ বান্ধি প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ দিয়ে চাৰিলেণ্ডযুক্ত ৰাজপথ দাবী সমিতি সহ আন আন সংগঠন সমূহৰ নেতৃবৰ্গই ৷

 

 

Exit mobile version