Jammu:✒️জম্মুৰ উচ্চ প্ৰান্তত আত্মগোপন কৰি আছে ৩০-৩৫ জন পাকিস্তানী উগ্ৰপন্থী ! গোপনীয় উৎসৰ পৰা এই চোৰাংচোৱা তথ্য লাভ কৰাৰ লগে লগে ভাৰতীয় সেনাই নিজৰ অনুসন্ধান অভিযান তীব্ৰতৰ কৰি তুলিছে ।
উপত্যকাৰ কিষ্টৱাৰ আৰু ডোডা জিলাত আৰম্ভ হৈছে বিদ্ৰোহ বিৰোধী অভিযান।
তথ্য অনুসৰি পহলগাম হত্যাকাণ্ডৰ পাছত সেনাৰ অভিযান বৃদ্ধিয়ে উপত্যকাত উগ্ৰপন্থীৰ ‘স্থানীয় নেটৱৰ্ক’ দুৰ্বল কৰি তুলিছে ।
এনে পৰিস্থিতিত সেনাৰ স’তে প্ৰত্যক্ষ সংঘৰ্ষৰ পৰা হাত সাৰিবলৈ পাকিস্তানী উগ্ৰপন্থীয়ে জম্মুৰ পাহাৰীয়া অঞ্চলত আত্মগোপন কৰিছে।
শীতকালত এই অঞ্চলবোৰ প্ৰাকৃতিকভাৱে বৰফেৰে আবৃত হয়, যাৰ ফলস্বৰূপে এই সময়ত তাত জনবসতি নাই।সেইবাবেই উগ্ৰপন্থীয়ে লুকাই থাকিবলৈ পাহাৰীয়া অঞ্চল বাছি লৈছে। এই তথ্য পোৱাৰ লগে লগে সেনাই অভিযান আৰম্ভ কৰে।
সেনাৰ সূত্ৰ অনুসৰি জম্মু-কাশ্মীৰ আৰক্ষী, চি আৰ পি এফ, বিশেষ অভিযান গোট, বনৰক্ষী, আৰু গাঁও প্ৰতিৰক্ষাৰক্ষী বাহিনীয়ে যৌথভাৱে এই অভিযান আৰম্ভ কৰিছে।
যৌথ বাহিনীয়ে লুকাই থকা পাকিস্তানী উগ্ৰপন্থীসকলক দ্ৰুততাৰে নিৰ্মূল কৰাৰ লক্ষ্য লৈছে।অন্যথা সুবিধা পালেই জনবসতিপূৰ্ণ অঞ্চলত প্ৰৱেশ কৰিব।






























