Delhi:✒️দিল্লীৰ বতৰত উন্নতিৰ কোনো বিশেষ লক্ষণ নাই! আজি শনিবাৰে ডাঠ কুঁৱলীৰ আৱৰি ধৰে ৰাজধানী। দেওবাৰ, আৰু সোমবাৰৰ বাবে বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে হালধীয়া সতৰ্কবাণী ।
পূৰ্বাভাস অনুসৰি পুৱাৰ ভাগত দৃশ্যমানতা কম হৈ থাকিব। ইয়াৰ ফলত ৰেল আৰু বিমান যাত্ৰাত প্ৰভাৱ পৰিব পাৰে।
ইফালে, শনিবাৰেও দিল্লীৰ বায়ুৰ গুণাগুণ সূচকাংক (একিউআই) বেয়া হৈয়েই আছে। যাত্ৰীসকলক বিমানবন্দৰলৈ যোৱাৰ পূৰ্বে বিমানৰ সময়সূচী পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
বতৰ বিজ্ঞান বিভাগৰ পূৰ্বাভাস অনুসৰি অনাগত দিনত আকাশ কুঁৱলীৰে আৱৰি থাকিব । ২৮ আৰু ২৯ ডিচেম্বৰত ঘন কুঁৱলীৰ সম্ভাৱনা আছে।৩০ ডিচেম্বৰৰ পৰা কুঁৱলীৰ তীব্ৰতা হ্ৰাস পোৱাৰ সম্ভাৱনা আছে।
দীপাৱলীৰ পৰাই কুঁৱলী আৰু প্ৰদূষণৰ বাবে স্বাভাৱিক জীৱন ব্যাহত হৈ পৰিছে।শনিবাৰে পুৱা দিল্লীৰ সামগ্ৰিক বায়ুৰ গুণাগুণ সূচকাংক (একিউআই) ৩৩২, ইয়াৰ পৰা বুজা যায় যে ৰাজধানীৰ বায়ু প্ৰায় ‘বিপজ্জনক’ স্তৰত আছে।
প্ৰদূষণৰ বিৰুদ্ধে যুঁজিবলৈ ৰাজধানীত সৰ্বোচ্চ পৰ্যায়ৰ নিয়ন্ত্ৰণ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কিন্তু ইয়াৰ পিছতো দিল্লীৰ বায়ুৰ গুণাগুণৰ বিশেষ উন্নতি হোৱা নাই।






























