Jorhat:
দেশৰ চৌদিশে কেন্সাৰৰ ৰোগৰ দৰে শিপাইছে ডিজিটেল এৰেষ্টৰ প্ৰৱঞ্চনকৰ দল। অচিন কন্ঠৰ পৰা অহা এটা ফোনকলে মুহূৰ্ততে এজন লোকক সৰ্বস্বান্ত কৰিব পাৰিব বুলি আৰক্ষীয়ে ৰাইজক সচেষ্ট কৰি থকাৰ মাজতে এইবাৰ এই ডিজিটেল এৰেষ্টৰ কৱলত পৰি সৰ্বস্বান্ত এজন চিকিৎসক ৷ যোৰহাট মেডিকেল কলেজ হাস্পতালত কৰ্মৰত জ্যেষ্ঠ চিকিৎসক সদাগৰ দেউৰীলৈ ১৯ নৱেম্বৰত অচিনাক্ত নম্বৰৰ পৰা ফোন আহিছিল । ভুৱা গোচৰ তৰাৰ ভয়ৰে আৰক্ষী আৰু উকিলৰ নাম লৈ গ্ৰেপ্তাৰৰ ভাবুকি দিছিল প্ৰৱঞ্চকৰ চক্ৰটোৱে ৷ সন্মানৰ খাতিৰত প্ৰৱঞ্চকৰ চক্ৰৰ ভাবুকিত সেও মানি সময়ে দি যায় লাখ লাখ টকা ৷ ডা:সদাগৰ দেউৰীৰ পৰা সৰ্বমুঠ ৪৯ লাখ টকা লুট কৰি নিয়ে প্ৰৱঞ্চকে । শেহতীয়াকৈ ডিজিটেল এৰেষ্টৰ ভাবুকি দিয়া দলটো যে এটা প্ৰৱঞ্চকৰ দল ৷ সেয়া অৱগত হৈ এতিয়া মুৰে কপালে হাত দিছে দুৰ্ভগীয়া চিকিৎসক গৰাকীয়ে ৷ ইতিমধ্যে ডা:দেউৰীয়ে এই সন্দৰ্ভত গোচৰ ৰজু কৰিছে যোৰহাট থানাত।
