Masterclass In Patience:প্ৰকৃতিৰ বুকুত কিমান যেন অপাৰ গোপন সৌন্দর্য লুকাই আছে, তাৰ বৃহৎ অংশই এতিয়াও লেকচক্ষুৰ আঁৰত আছে। আচলতে প্রকৃতিয়ে কেতিয়া নিজৰ কি ৰূপ উন্মোচন কৰিব, কোনখিনি আকৌ অন্তৰালত ৰাখিব তাৰ উমান পোৱা নাযায়।এই শীতৰ বতৰত তেনে এক অজান দৃশ্য পোহৰলৈ আহিছে।
বৰফাবৃত তথা কক্ষ হিমালয়ৰ পাহাৰৰ কোলাত মূৰ দাঙি থিয় দিলে এবিধ অপূর্ব সুন্দৰী ফুলে। বগা-হালধীয়া স্বচ্ছ, ত্রিভুজ আকৃতিৰ সেই পুষ্পক দূৰৰ পৰা দেখিলে কাঁচৰ চূড়া যেন লাগিব। ছিকিমত ফুৰিবলৈ গৈ পাহাৰৰ ঢাপত সেই ফুল দৃষ্টিগোচৰ হৈছিল দেশৰ বিশিষ্ট উদ্যোগপতি আনন্দ মাহিন্দ্ৰাৰ।
তেৱেঁই সেই ফুলৰ ফটো তুলি সামাজিক মাধ্যমত প’ষ্ট কৰিছে। লগতে প্রকাশ কৰিছে নিজৰ মুগ্ধতা।এই অনুপম সৌন্দৰ্যৰ ফুলবিধৰ স্থানীয় নাম ‘চুকা’। কোনো কোনোরে কয় ‘ছিকিম সুন্দৰী’।
সচৰাচৰ হিমালয় আৰু কাৰাকোৰাম পৰ্বতমালাৰ সুউচ্চ অংশত এইবিধ ফুলৰ জন্ম হয়। অন্ততঃ চাৰিৰ পৰা চাৰে চাৰি হেজাৰ ফুট ওপৰলৈ গ’লেহে এইবিধ ফুল দেখিবলৈ পোৱা যায়। তিব্বত, ম্যানমাৰৰ পৰা আফগানিস্তান, পাকিস্তান হৈছে ইয়াৰ জন্মস্থল।
উদ্ভিদ বিজ্ঞানৰ ভাষাত এই ফুলৰ নাম ‘ৰিউম ন’বাইল’ (Rheum nobile)। সেউজ পাতক মাজভাগৰ পৰা দীঘল পাতল হালধীয়া যেন লগা বগা এবিধ ফুল, যাৰ উচ্চতা কমেও দুই মিটাৰ। দেখিবলৈ ওলোটাই থোৱা এটা শংকুৰ দৰে।
এই ফুল ইমানেই উজ্জ্বল যে চৌকাষ যেন আলোকিত হৈ থাকে। লগতে ইয়াৰ স্বচ্ছতাৰ বাবে কাঁচৰ স’তেও তুলনা কৰা হয়। পাহাৰীয়া অঞ্চলত এই উদ্ভিদে হেনো পৰিৱেশৰ ভাৰসাম্য বজাই ৰখাত সহায় কৰে।
যদিও হঠাৎ ‘ছিকিম সুন্দৰী’ক কেন্দ্র কৰি ইমান তোলপাৰ কিয়? আচল কথাটো হৈছে, প্রায় ৩০ বছৰৰ পাছত এইবিধ ফুলে ছিকিমত আত্মপ্রকাশ কৰিছে। বিগত তিনিটা দশকত ইমানবোৰ শীতৰ বতৰ পাৰ হৈ গ’ল; কিন্তু এবাৰো এই ফুলবিধক কোনেও দেখা পোৱা নাছিল। হয়তো পাহাৰৰ বুকুতে মুখ গুজি শুই আছিল।
এতিয়া যেন শীতনিদ্ৰাৰ পৰা উঠি পুনৰ স্বমহিমাৰে মণ্ডিত হৈ নিজৰ অপরূপ সৌন্দর্য বিলাবলৈ আৰম্ভ কৰিছে।ছিকিম সুন্দৰী’ৰ ৰূপক উদ্যোগপতি মাহিন্দ্রাই কাব্যৰ স’তে তুলনা কৰিছে। নিজৰ ‘এক্স’ হেণ্ডলত তেওঁ লিখিছে, ‘শৈশৱত স্কুলৰ বায় ‘লজিৰ কিতাপত এই ফুলৰ কথা পঢ়া নাছিলো, অর্ধেক বিশ্ব ভ্রমণ কৰিলো ক’তো ইয়াক দেখা নাছিলো। ভাৰততেই দেখা পালো। এইবাৰ বাৰু দেশৰ স্কুলসমূহৰ পাঠ্যক্ৰমত ইয়াৰ নাম সন্নিবিষ্ট কৰিবনে?’






























