Today’s Horoscope:দিনটোৰ ৰাশিফল
মেষ: এই ৰাশিৰ জাতক-জাতিকা ঠিকাদাৰ, শিক্ষক, আইন আৰু চিকিৎসক সকলোৰে এই দিনটোত শুভ ফল পাব। বিদ্যার্থীৰ কাৰণেও দিনটো শুভ। শুভ ৰং বগা। শুভ সংখ্যা ৫।
বৃষ: সামাজিক কর্মত জড়িত থকা ব্যক্তিসকলে কর্মক্ষেত্রত সুনাম অর্জন কৰিব। ব্যৱসায়ত সিমান ভাল ফল নাপাব। শুভ ৰং নীলা। শুভ সংখ্যা ২।
মিথুন: সময়ত কার্য সম্পন্ন নোহোৱাৰ বাবে বা অর্থনৈতিক ক্ষেত্রত অভাৱৰ বাবে ক্রোধৰ মাত্ৰা অধিক বৃদ্ধি পাব। বিদ্যার্থীসকলে ভবা মতে ফল নাপাব। শুভ ৰং বগা। শুভ সংখ্যা ৩।
কর্কট: আপোনাৰ কৰ্মক্ষেত্ৰত বাধা থকাৰ ফলত অর্থনৈতিক ক্ষেত্রত মিশ্র ফল আশা কৰিব পাৰে। প্ৰেমত শুভ ফল পাব। চাকৰিৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে। শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা ৬।
সিংহ: আজিৰ দিনটোত নতুন কোনো কাম-কর্ম বা নতুন অর্থ বিনিয়োগত হাত নিদিয়াই ভাল হ’ব। বিদ্যাৰ শুভ, প্ৰেমত হতাশ। শুভ ৰং কফি। শুভসংখ্যা ১।
কন্যা: আপোনাৰ দিনটো কৰ্মক্ষেত্ৰত অনুকূল থাকিলেও পাৰিবাৰিক অশান্তিৰ কাৰণে কৰ্মত বাধা আহিব পাৰে। চাকৰি ক্ষেত্ৰত নতুন ঠাইলৈ পৰিৱৰ্তন আহিব। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ৬।
তুলা: এই ৰাশিৰ জাতক-জাতিকাৰ বাবে দিনটো সিমান শুভ নহয়। গৃহ বিবাদ। আর্থিক নাটনি। কর্মত উদাসীনতা। শত্রু বৃদ্ধি আদি হ’ব পাৰে। প্ৰেমত বিফল। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৭।
বৃশ্চিক: আপোনাৰ আজি গুৰুত্বপূৰ্ণ কোনো কামৰ দায়িত্ব পোৱাৰ ফলত কৰ্মৰ প্ৰতি উৎসাহ বৃদ্ধি পাব। প্ৰেমত শুভ। শুভ ৰং ৰঙা। শুভ সংখ্যা ৭।
ধনুঃ আজি নতুন কোনো কাম-কর্ম বা নতুন অর্থ বিনিয়োগত হাত নিদিয়া ভাল হ’ব। ঘৰত অতিথিৰ আগমন হ’ব। শুভ ৰং ৰঙা। শুভ সংখ্যা ২।
মকৰ : আজি দিনটোৰ নতুন ভাৱে উৎসাহ বৃদ্ধি পাব। ব্যৱসায়ত সিমান ভাল ফল নাপাব পাৰে। বিদ্যাৰ্থীৰ কাৰণে ভাল। শুভ ৰং বগা। শুভ সংখ্যা ৬।
কুম্ভ: দিনৰ মাজভাগত কৰ্মক্ষেত্ৰত পৰিৱৰ্তনৰ যোগ দেখা যায়। পৰিৱেশ অনুকূল থাকিলেও অযথা মানসিক চিন্তা থাকিব। শুভ ৰং আকাশী নীলা। শুভ সংখ্যা ৮।
মীন: মীন ৰাশিৰ জাতক-জাতিকাই আজি পুৱাই উঠি গোসাঁই ঘৰত ধূপ-চাকি জুলাই বাহিৰত ওলাব। বন্ধুৰ পৰা সাৱধান হ’ব। বিদ্যার্থীসকলৰ বাবেও ভাল দিন। শুভ ৰং সেউজীয়া বা বগা। শুভ সংখ্যা ২।
