এই চাৰিটা ফেং ছুই টিপছে আপোনাৰ ঘৰলৈ সুখ, সমৃদ্ধি আৰু শান্তি আনিব

8

সুখ আৰু শান্তিৰে ভৰা জীৱন এটা সকলোৱে কামনা কৰে। সুখ আৰু শান্তি কেরল ধন বা বস্তুগত আনন্দৰ কথা নহয়, মানসিক আৰু আৱেগিক ভাৰসাম্যৰ কথাও। আজিৰ দ্রুতগতিত চলি থকা জীৱনত য’ত প্রতিটো খোজতে মানসিক চাপ, উদ্বেগ, প্রতিযোগিতাই আত্মগোপন কৰি আছে, তাত সুখ আৰু শান্তি বিচাৰি পোৱাটো এটা ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে।

এনে পৰিস্থিতিত আপুনি আপোনাৰ ঘৰত ইতিবাচক শক্তি সোমাবলৈ কিছুমান ফেং ছুই টিপছ গ্রহণ কৰিব পাৰে।

ফেং ছুই হৈছে চীনৰ এক প্রাচীন শিল্প যিয়ে আপোনাৰ ঘৰৰ পৰিৱেশ উন্নত কৰাত সহায় কৰে আৰু ইতিবাচক শক্তিৰ যোগান ধৰে। ই কেবল সজ্জাগত পদ্ধতি নহয়, ই আপোনাৰ চৌপাশৰ শক্তিসমূহৰ ভাৰসাম্য ৰক্ষাৰ বাবেও এক শক্তিশালী আহিলা।

যদি আপুনি আপোনাৰ ঘৰলৈ সুখ আৰু সমৃদ্ধি আনিব বিচাৰে তেন্তে এই সহজ অথচ ফলপ্রসূ ফেং ছুই টিপছসমূহ আপোনাৰ দৈনন্দিন জীৱনত অন্তর্ভুক্ত কৰিব পাৰে।

বাথৰূমৰ বাবে ভুল দিশ এৰক

বাথৰূম ঘৰৰ দক্ষিণ-পূব বা উত্তৰ-পশ্চিম দিশত নিৰ্মাণ কৰিব নালাগে। ফেং ছুইৰ মতে এই দিশত নির্মিত বাথৰূমে নেতিবাচক শক্তি আনে আৰু ধন-সম্পত্তি আৰু সুখৰ নিষ্কাসন কৰিব পাৰে। বাথৰূমত নেতিবাচক শক্তিৰ পৰা মুক্তি পাবলৈ সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে। ব্যৱহাৰ নকৰাৰ সময়ত শৌচাগাৰৰ ঢাকনি আৰু বাথৰুমৰ দুৱাৰ বন্ধ কৰি ৰাখক।

শোৱা কোঠাত বিছনাৰ সঠিক দিশ

শোৱা কোঠাৰ বিছনাৰ বাবে শুদ্ধ দিশ হ’ল মূৰটো দক্ষিণ বা পূব দিশলৈ, ভৰি দুখন উত্তৰ বা পশ্চিম দিশলৈ হ’ব লাগে। ফেং ছুইৰ মতে এই দিশটোরে ইতিবাচক শক্তি, সুখ আৰু সৌভাগ্য কঢ়িয়াই আনে। আপোনাৰ শোৱা কোঠাত বিছনাখন শৃংখলাবদ্ধভাবে ৰখাৰ ফলত আপোনাৰ স্বাস্থ্য আৰু সম্পৰ্কত গভীৰ প্রভাৱ পৰে।

ঘৰৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্রতি বিশেষ মনোযোগ অগোছালিয়ে নেতিবাচকতা বিয়পাই দিয়ে।

গতিকে ঘৰৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগে। ফেং ছুইৰ মতে বস্তুবোৰ শৃংখলাবদ্ধভাৱে ৰাখিব লাগে, নিয়মিতভাবে ঘৰটো চাফা কৰিব লাগে, সকলো বস্তু শৃংখলাবদ্ধভাবে ৰাখিব লাগে। অগোছাল স্থানে কেতিয়াও ধনাত্মক শক্তিক আকৰ্ষণ কৰিব নোৱাৰে। প্রথমে আপুনি যিবোৰ বস্তুৰ পৰা মুক্তি পাব বিচাৰে সেইবোৰৰ তালিকা এখন বনাওক।

ঘৰৰ প্ৰৱেশদ্বাৰ

আপোনাৰ ঘৰৰ প্ৰৱেশদ্বাৰটো কেৱল এটা ৰাস্তা নহয়; ইয়াতেই ধন আৰু সমৃদ্ধিৰ শক্তিও প্রৱেশ কৰে। যদি আপোনাৰ মূল দুৱাৰখন খোলা বা বন্ধ কৰাৰ সময়ত ক্রিক শব্দ কৰে, তেন্তে তৎক্ষণাত মেৰামতি কৰক। এনেধৰণৰ শব্দই নেতিবাচকতা বিয়পাই ঘৰৰ সদস্যসকলৰ সামগ্রিক মংগলৰ ওপৰত প্ৰভাৱ পেলায়। প্রবেশদ্বাৰ পৰিষ্কাৰ কৰি ৰাখিব লাগে, কিয়নো এইটোৱেই হৈছে ধনাত্মক শক্তিৰ প্ৰৱেশৰ পথ।

Exit mobile version