Himachal:✒️দ্রুতগতিৰে গলি আছে হিন্দুকুশ আৰু হিমালয় পৰ্বতমালাৰ বৰফ। নিশ্চিতভাৱে ইয়াৰ অন্তৰালত আছে গোলকীয় উষ্ণতা; কিন্তু ইয়াৰ প্ৰভাৱ সুদূৰপ্ৰসাৰী হ’বলৈ গৈ আছে। এক নতুন গৱেষণাই জনাইছে যে বিশ্বৰ গড় তাপমাত্রা দুই ডিগ্রী চেলছিয়াছ বৃদ্ধি পালেই হিন্দুকুশ আৰু হিমালয়ৰ হিমবাহসমূহ আৰু দ্রুতগতিৰে গলিবলৈ আৰম্ভ কৰিব।
সেইবোৰ তৰল হৈ নামি আহিব সমতলভূমিলৈ।উপ-মহাদেশত এই হিমবাহসমূহৰ পৰা সৃষ্টি হোৱা নদীসমূহেই অসংখ্য মানুহৰ জীৱন-জীৱিকাৰ ভিত্তি। প্রায় ২০ কোটি মানুহৰ ভাত-ৰুটিৰ যোগান নিৰ্ভৰ কৰে এই হিমবাহৰ পৰা সৃষ্টি হোৱা নদীসমূহৰ ওপৰত।
বিজ্ঞানীসকলৰ আশংকা যদি সঁচা হয়, এই শতিকাৰ শেষলৈ হিন্দুকুশ পৰ্বতমালাৰ ৭৫ শতাংশ পর্যন্ত বৰফ গলি পানীত পৰিণত হ’ব পাৰে। অর্থাৎ হাতত আৰু মাত্ৰ কেইটামান বছৰহে আছে। ইয়াৰ পূর্বেও বিভিন্ন গৱেষণাত দাবী কৰা হৈছিল যে গোলকীয় উষ্ণতাৰ ফলত এভাৰেষ্ট, কাৰাকোৰামৰ দৰে পৃথিৱীৰ দুই সর্বোচ্চ পর্বতশৃংগৰো উচ্চতা হ্রাস পাইছে। গলিছে সুমেৰু আৰু কুমেৰুৰ বৰফো। এই দুই মেৰুৰ পাছত সবাতোকৈ বেছি বৰফ আছে হিন্দুকুশ আৰু হিমালয়তেই। সেয়ে ইয়াক কোৱা হয় পৃথিৱীৰ তৃতীয় মেৰু বুলি কোৱা হয়। এইবাৰ ইয়াতেই সংকটে দেখা দিছে।
ছায়েন্স জার্ণেলত প্রকাশিত এক গৱেষণাত উল্লেখ কৰা হৈছে যে এই শতিকাৰ শেষ ভাগলৈ পৃথিৱী এতিয়াতকৈ প্রায় ২.৭ ডিগ্রী চেলছিয়াছ বেছি গৰম হৈ পৰিব। তেতিয়া সমগ্র বিশ্বত যিমান হিমবাহ আছে, তাৰ মাত্ৰ এক-চতুর্থাংশ অৱশিষ্টহে থাকিবগৈ। সম্প্রতি জলবায়ু যিদৰে পৰিৱৰ্তিত হৈছে, তাৰ ফলত এই পৰিণতিয়েই হ’বলৈ গৈ আছে।
যোৱা শুকুৰবাৰে তাজিকিস্তানত আৰম্ভ হয় ৰাষ্ট্ৰসংঘৰ হিমবাহ সম্মিলন। ইয়াতেই এই ভয়াৱহ পৰিণতিৰ আশংকাক লৈ বিস্তাৰিতভাৱে আলোচনা হয়। ইয়াত উপস্থিত আছিল অর্ধশতাধিক দেশৰ প্রতিনিধি।
এছিয়ান ডেভেল’পমেন্ট বেংকছৰ উপ-সভাপতি ইংমিং ইয়াঙে সম্মিলনত কয়, ‘হিমবাহ এই হাৰত গলিবলৈ আৰম্ভ কৰিলে কে’বা অর্বুদ মানুহৰ জীৱন বিপন্ন হ’ব। তাৰ ভিতৰত এছিয়াৰ দুশ কোটিৰো অধিক মানুহৰ জীৱিকা নিৰ্ভৰ কৰে। ইয়াৰ ফলত পৰোক্ষ বা প্রত্যক্ষভাৱে বিভিন্ন অঞ্চলৰ ক্ষতি হ’ব।
ক্ষতিগ্রস্ত হ’ব ইউৰোপীয় আল্লছ, আমেৰিকাৰ পশ্চিম প্রান্ত তথা কানাডাৰ ৰকী পর্বতমালা আৰু আইচলেণ্ড।’ অৱশ্যে গবেষণাত উল্লেখ কৰা হৈছে যে ২০১৫ৰ পেৰিছ চুক্তিত যি লক্ষ্যমাত্রা স্থিৰ কৰা হৈছিল, অর্থাৎ উষ্ণতা বৃদ্ধি ১.৫ ডিগ্রী চেলছিয়াছৰ ভিতৰত ধৰি ৰাখিব পাৰিলে, এইবোৰ অঞ্চলত কিছু হিমবাহৰ বৰফ সংৰক্ষণ সম্ভৱ।
গোলকীয় উষ্ণতা হ্রাস কৰিবলৈ, নির্গমন কমাবলৈ এই মুহূর্তত ‘ক্লীন এনার্জি’ৰ ওপৰত ভৰসা ৰখাটো জৰুৰী বুলিও ইয়াঙে কয়।
এই গৱেষণাত যুক্ত আছিল ১০খন দেশৰ ২১জনীয়া বিজ্ঞানীৰ এটা দল। তেওঁলোকে আঠটা হিমবাহ মডেল ব্যৱহাৰ কৰি বিশ্বব্যাপী দুই লাখৰো অধিক হিমবাহৰ সম্ভাব্য বৰফ ক্ষয়ক লৈ গৱেষণা কৰে। গৱেষকসকলৰ বাৰ্তাৰ পৰা এটা কথা প্রায় স্পষ্ট যে আৰু ৮০ বছৰো বাকী নাই।
ইয়াৰ ভিতৰতে হিন্দুকুশ আৰু অন্যান্য সুউচ্চ পৰ্বতমালাৰ বৰফ সম্পূৰ্ণৰূপে গলি যাব পাৰে। গোলকীয় উষ্ণতাৰ ফলত হোৱা তাপমাত্ৰাৰ বৃদ্ধি যদি কিছু পৰিমাণে নিয়ন্ত্ৰণত ৰাখিব পৰা যায়, তেতিয়া বিপদৰ মাত্রা সামান্য কমিব পাৰে। অৱশ্যে সেয়া হ’লেও দুই ডিগ্রী তাপমাত্ৰাৰ ফলত হিন্দুকুশ পৰ্বতমালাৰ বৰফ অর্ধেকৰো ওপৰত গলি যাব পাৰে।






























