Khaleda Zia death:✒️দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত শেষ নিশ্বাস ত্যাগ কৰিলে খালেদা জিয়া। চুবুৰীয়া দেশখনৰ প্রাক্তন প্রধানমন্ত্রীৰ মৃত্যুত শোক প্রকাশ কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ ২০১৫ চনত খালেদাক ঢাকাত সাক্ষাৎ কৰিছিল মোদীয়ে।
সেই ছবিখন শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীৰ বাৰ্তা, “খালেদাৰ মনোভাৱ আৰু দৃষ্টিভংগীৰে ভাৰত-বাংলাদেশৰ সম্পৰ্ক আৰু আগুৱাই যাওক।”
মঙলবাৰে পুৱা চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে খালেদা জিয়া।তেওঁ বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। খালেদাই দুটা কাৰ্যকাল দেশৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
শোক প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে লিখিছে, ‘প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বিএনপিৰ অধ্যক্ষ খালেদা জিয়াৰ ঢাকাত দেহাৱসান ঘটিছে।এই খবৰত মই গভীৰ শোক প্ৰকাশ কৰিছো।তেখেতৰ পৰিয়াল আৰু বাংলাদেশৰ সকলো জনসাধাৰণলৈ সমবেদনা জ্ঞাপন কৰিছো।এই ক্ষতিৰ স’তে মোকাবিলা কৰিবলৈ সৰ্বশক্তিমানে তেওঁৰ পৰিয়ালক শক্তি প্ৰদান কৰক।”






























