Arunachal Pradesh:✒️প্রচণ্ড শীতৰ প্রকোপত পৰিছে তেজপুৰৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চল। যোৱাটো বছৰৰ তুলনাত এইবাৰ যোৱা নৱেম্বৰৰ দ্বিতীয়টো পষেকৰ পৰাই তেজপুৰত শীতৰ মাত্রা বৃদ্ধি পোৱাৰ বিপৰীতে ডিচেম্বৰৰ আৰম্ভণিৰ পৰাই তেজপুৰ আৰু পার্শ্ববর্তী অঞ্চলত শীতৰ তীব্রতা অধিক বৃদ্ধি পায়।
আনহাতে,যোৱা পাঁচদিনে তেজপুৰত শীতৰ প্ৰভাৱ আৰু অধিক বৃদ্ধি পাইছে। যোৱা এসপ্তাহত তেজপুৰত সর্বোচ্চ তাপমাত্রা ২৩ ডিগ্রী চেলচিয়াছলৈ বৃদ্ধি পোৱাৰ বিপৰীতে সর্বনিম্ন তাপমাত্রা ১৪ ডিগ্রী চেলচিয়াছলৈ হাস পাইছে।
এই সপ্তাহটোত তেজপুৰত এইদৰেই আছে তাপমাত্রা। উল্লেখ্য যে হিমালয়ৰ সমীপৱৰ্তী অৰুণাচল প্রদেশত নৱেম্বৰৰ শেষৰ পৰাই বৰফ পৰিবলৈ আৰম্ভ কৰাৰ লগে লগে শোণিতপুৰৰ চাৰিদুৱাৰ, বালিপৰা তথা তেজপুৰতো শীতৰ মাত্রা বৃদ্ধি পাবলৈ আৰম্ভকৰে। সাগৰ পৃষ্ঠৰ পৰা ১৫ হেজাৰ।
দুশ ফুট উচ্চতাৰ বুমলা পাছত সম্প্রতি শীতৰ মাত্রা মাইনাছ ১০ ডিগ্ৰী পৰ্যন্তলৈ নমাৰ বিপৰীতে সৌন্দৰ্যৰ আকৰ টাবাং চেলাপাছ আদিত মাইনাছ চাৰি ডিগ্ৰী চেলচিয়াছলৈ অৱনমিত হৈছে তাপমাত্রা।
উল্লেখ্য যে ইতিমধ্যে বুমলাপাছ-চেলাপাছ আৰু টাৱাঙত শুকুলা বৰফৰ ডাঠ আৱৰণে ছানি ধৰিছে। প্রণিধানযোগ্য যে হিমালয়ৰ কাষৰ এইখন পাহাৰীয়া ৰাজ্যত অক্টোবৰৰ পৰাই বতৰৰ পৰিৱৰ্তন ঘটে আৰু ওখ অঞ্চলসমূহত আলপাইন পর্বতমালাৰ দৰেই হিমালয়ৰ শীতল বতাহ ববলৈ লয়।
উল্লেখ্য যে বতাহে দিশ সলনি কৰাৰ বাবেই এই অঞ্চলত শীতৰ মাত্রা ক্রমান্বয়ে বৃদ্ধি পোৱাৰ লগতে ইয়াৰ প্ৰভাৱ পৰে চুবুৰীয়া অসমৰ একাধিক জিলাত। উল্লেখ্য যে আজি চেলাপাছৰ লগতে টাৱাং, বুমলা আদি বৰফৰ ডাঠ আৱৰণে ঢাকি থকাৰ লগতে ইয়াৰ পাহাৰ শৃংখলা হৈ পৰিছে শুকুলা বৰণৰ।
আনহাতে, বৈ থকা নদী, জুৰি আৰু হ্ৰদৰ লগতে জলপ্রপাতসমূহ আইনাৰ দৰে বৰফৰ স্তম্ভ তথা পথাৰত পৰিণত হৈছে আৰু প্ৰকৃতিৰ এনে অপৰূপ সৌন্দর্য উপভোগ কৰিবলৈকে ইয়ালৈ আগমন ঘটিছে বহুসংখ্যক পৰ্যটকৰ।
উল্লেখ্য যে মার্চলৈকে সীমান্তৱৰ্তী ৰাজ্যখনত অব্যাহত থাকিব শীতৰ পৰিৱেশ।






























