India Bangladesh Ties:✒️ভাৰতত নিযুক্ত বাংলাদেশী ৰাষ্ট্ৰদূতক জৰুৰী ভিত্তিত দিল্লীৰ পৰা ঢাকালৈ মাতি পঠিয়ালে দেশখনৰ অন্তৱৰ্তীকালীন চৰকাৰে । সোমবাৰে গভীৰ নিশা দিল্লীৰ পৰা ঢাকাত উপস্থিত হয় বাংলাদেশৰ উচ্চায়ুক্ত এম ৰিয়াজ হামিদুল্লা।
কি কাৰণে তেওঁক হঠাতে মাতি অনা হৈছে সেইয়া এতিয়াও স্পষ্ট হোৱা নাই। কিন্তু ভাৰত-বাংলাদেশৰ কূটনৈতিক সম্পৰ্কত শেহতীয়াকৈ সৃষ্টি হোৱা উত্তেজনাৰ পৰিপ্ৰেক্ষিতত এই পদক্ষেপ তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।
তথ্য অনুসৰি ,দিল্লীত নিয়োজিত বাংলাদেশৰ ৰাষ্ট্ৰদূতলৈ অন্তৱৰ্তীকালীন চৰকাৰৰ বৈদেশিক মন্ত্ৰালয়ে এক জৰুৰী বাৰ্তা প্ৰেৰণ কৰে। এই জৰুৰী বাৰ্তা পোৱাৰ লগে লগে ৰিয়াজে ঢাকালৈ উভতি যোৱাৰ প্ৰস্তুতি চলাইছিল।
সেই অনুসৰি তেওঁ সোমবাৰে গভীৰ নিশা ঢাকালৈ উভতি আহে। তথ্য অনুসৰি, ভাৰত-বাংলাদেশৰ সম্পৰ্কৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবলৈ তেওঁক দিল্লীৰ পৰা ঢাকালৈ জৰুৰীভাৱে মাতি অনা হৈছিল।
বিগত এবছৰ ধৰি ভাৰত আৰু বাংলাদেশৰ মাজত শ্বেখ হাছিনাক কেন্দ্ৰ কৰি কূটনৈতিক উত্তেজনা অব্যাহত আছে। যোৱা দুসপ্তাহত এই উত্তেজনা আৰু অধিক বৃদ্ধি পাইছে।
বাংলাদেশী নেতাৰ এটা অংশই ভাৰত বিৰোধী মন্তব্যৰ কেন্দ্ৰ কৰিয়ে উত্তেজনা বৃদ্ধি পাবলৈ ধৰে। চুবুৰীয়া দেশৰ যুৱ নেতা ওছমান হাদীৰ মৃত্যুৰ পাছত এই কথা আৰু অধিক তীব্ৰতৰ হৈ পৰে। হাদীৰ মৃত্যুক লৈ বাংলাদেশ পুনৰ উত্তপ্ত হৈ পৰে বাংলাদেশ।
চুবুৰীয়া দেশৰ বিভিন্ন প্ৰান্তত এই অশান্তি বিয়পি পৰে। এই অস্থিৰ পৰিস্থিতিৰ মাজতে দিপু চন্দ্ৰ দাস নামৰ এজন যুৱকক প্ৰহাৰ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।
শেহতীয়াকৈ বাংলাদেশৰ বিভিন্ন প্ৰান্তত ভাৰতীয় কূটনৈতিক কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ। এই পৰিস্থিতিত ভাৰতীয় উচ্চায়ুক্তই সমগ্ৰ বাংলাদেশৰ কেবাটাও স্থানত ভিছা চেণ্টাৰ সাময়িকভাৱে বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
এই ঘটনাৰ পাছত ভাৰতে বাংলাদেশৰ পৰিস্থিতিৰ বিষয়ে মাত মাতিছিল। বাংলাদেশ প্ৰশাসনক অনুৰোধ জনাইছিল যে দিপু হত্যাকাণ্ডৰ উচিত ন্যায় সুনিশ্চিত কৰিবলৈ।
একে সময়তে ভাৰতেও সেই দেশৰ সংখ্যালঘুৰ অৱস্থাক লৈ উদ্বেগ প্ৰকাশ কৰে। অৱশ্যে ঢাকাই ভাৰতৰ উদ্বেগক গুৰুত্ব দিব নিবিচাৰে।
আনহাতে, শেহতীয়াকৈ ভাৰতৰ বিভিন্ন প্ৰান্তত মাইমেনসিং কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত হৈছে। দিল্লী, কলকাতাৰ দৰে বিভিন্ন চহৰত বিক্ষোভ প্ৰদৰ্শন কৰা হয়।
ইটোৰ পাছত সিটোকৈ ঘটা ঘটনাই দিল্লী আৰু ঢাকাৰ মাজত কূটনৈতিক উত্তেজনা আৰু অধিক বৃদ্ধি কৰিছে।
ইয়াৰ মাজতে জৰুৰী ভিত্তিত সোমবাৰে হঠাতে দিল্লীৰ পৰা ঢাকালৈ বাংলাদেশী উচ্চায়ুক্তগৰাকীক মাতি অনা হয়।






























