Heroin Seized in Cachar:
ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীয়ে কঠোৰস্থিতি লৈ থকাৰ মাজতে ধলাইত নিষিদ্ধ হে’ৰইন সহ এজন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰে ৷ বিশেষ খবৰৰ ভিত্তিত ধলাই ভাগা বজাৰত অৰ্তকিতে চলোৱা অভিযানত হে’ৰইন ভৰ্তি ১০ টা চাবোনৰ বাকচ জব্দ কৰিবলৈ সক্ষম হয় ৷ জব্দকৃত বাকচ কেইটাত আছিল প্ৰায় ১১৯.২০ গ্ৰাম হেৰ’ইন ৷ মিজোৰামৰ পৰা সৰবৰাহ কৰি কাছাৰত বিক্ৰীৰ বাবে বাহৰ পাতিোথকা অৱস্থাতে কাছাৰ আৰক্ষীয়ে কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী এজনক গ্ৰেপ্তাৰ কৰে।
