Narengi Army Camp:মহানগৰীৰ নাৰেংগীৰ সেনা শিবিৰত বন্যহস্তীৰ তাণ্ডৱ

এফালৰ পৰা ভাঙি লণ্ড- ভণ্ড লেবাৰ কেম্প

WhatsApp Image 2025 12 30 at 3.28.51 PM

Narengi Army Camp:

মহানগৰীৰ নাৰেংগীৰ সেনা শিবিৰত পুনৰ বন্যহস্তীৰ উপদ্ৰৱ ৷ খাদ্যৰ সন্ধানত পাশ্বৱৰ্তী আমছিং সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীৰ জাকে প্ৰায়ে সেনা শিৱিৰত চলাই তাণ্ডৱ ৷ মঙলবাৰে এটা বনৰীয়া হাতীয়ে প্ৰৱেশ কৰে সেনা শিৱিৰত ৷ শিৱিৰৰ চৌহদৰ নিৰ্মাণৰ কামত নিয়োজিত থকা শ্ৰমিকৰ কেম্পত প্ৰৱেশ কৰি বনৰীয়া হাতীয়ে এফালৰ পৰা ভাঙে কেম্প আচবাব সহ বাৰ্চন – বৰ্তন। অৱশ্যে কথমপি ৰক্ষা পৰে দুজন শ্ৰমিকৰ ৷ বহুসময় ধৰি উপদ্ৰৱ চলোৱা পিছত প্ৰত্যাৱৰ্তন কৰে বন্য হস্তীটোৱে ৷

Exit mobile version