Accident in Boko:বকোত মুখ্যমন্ত্ৰীৰ সভালৈ যোৱা বাহন ৰাজপথতে বাগৰিল

১৯ গৰাকী মহিলা আহত

WhatsApp Image 2025 12 31 at 11.51.33 AM

Accident in Boko:

বকোৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা। মুখ্যমন্ত্ৰীৰ সভালৈ মানুহ কঢ়িওৱা পিকআপ ভান নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথতে বাগৰি পৰে ৷ ফলত গুৰুতৰভাৱে আহত হয় ১৯ গৰাকীকৈ মহিলা। আহত সকলক ততাতৈয়াকৈ ভৰ্তি কৰা হয় বকো প্রাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু অৰুণোদয় হাস্পতালত ভর্তি ৷ উল্লেখ্য যে মুখ্যমন্ত্ৰীৰ উদ্যোমিতা পুঁজিৰ চেক প্রদান অনুষ্ঠানলৈ পিকআপ ভানত উঠি গৈ আছিল মহিলাসকল ৷

Exit mobile version