নৱবৰ্ষৰ নিশা কি খাদ্য গ্ৰহণ কৰিছিল ভাৰতীয়ই? অনলাইন অৰ্ডাৰত হ’ল ফাদিল

IMG 20260102 155228

৩১ ডিচেম্বৰৰ নিশা নৱবৰ্ষৰ আগমনৰ আনন্দত ভাৰতীয়সকলে সক্রিয়ভাবে অংশ ল’লে। ইংৰাজী নৱবৰ্ষৰ প্ৰথম নিশা সকলোৱে একেলগে নিজৰ প্রিয় খাদ্য, পানীয় আদি গ্রহণ কৰি আহিছে।

৩১ ডিচেম্বৰৰ নিশা ভাৰতীয়সকলে সর্বাধিক কি খাদ্য গ্রহণ কৰিলে, এই সন্দর্ভত অনলাইন খাদ্য যোগনীয়াৰ সংস্থাই চাঞ্চল্যকৰ তথ্য সদৰী কৰিলে।

অনলাইন খাদ্য যোগনীয়া সংস্থা ছুইগিয়ে সামাজিক মাধ্যম ‘এক্স’ত সদৰী কৰা অনুসৰি সংস্থাটোরে ৩১ ডিচেম্বৰৰ নিশালৈকে খাদ্য হিচাপে সৰ্বাধিক বিৰিয়ানীৰ অৰ্ডাৰ লাভ কৰিছিল।

বৃহস্পতিবাৰে নিশা ছুইগিয়ে ২,১৮,৯৯৩ ৰো অধিক বিৰিয়ানীয়ে অৰ্ডাৰ লাভ কৰিছিল। ছুইগিয়ে নৱবৰ্ষৰ নিশাত ৯০,০০০ ৰো অধিক বাৰ্গাৰৰ অৰ্ডাৰ লাভ কৰিছিল।

একেদৰে ৯,৪১০ জন লোকে খিচিৰী, ৭,৫৭৩ জনে গাজৰৰ হালৱা, ৪,২৪৪ জন লোকে উপমাৰ দৰে খাদ্যৰ অৰ্ডাৰ অনলাইনযোগে দিছিল। বাংগালুৰুত ছুইগিয়ে ১,৯২৭ জন লোকৰ পৰা চালাডৰ অৰ্ডাৰ লাভ কৰিছিল।

আনহাতে, মিঠাইৰ ভিতৰত নৱবৰ্ষৰ নিশা ছুইগিত ৪৬,৬২৭ জন লোকে গোলাপ জামুন অৰ্ডাৰ দিছিল। একেদৰে ২৯,৬১৮ জন লোকে ছুইগিৰ জৰিয়তে নৱবৰ্ষৰ নিশা ২৯,৬১৮ কাপ চাহৰো অৰ্ডাৰ দিছিল।

Exit mobile version