Bagurumba Dance:
বিহু নৃত্য,ঝুমুৰ নৃত্যৰ পিছত এইবাৰ বাগৰুম্বাৰে বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্য ৰাজ্য চৰকাৰৰ ৷ ১৭ জানুৱাৰীত বাগৰুম্বাৰে মহানগৰীৰ সৰুসজাইস্থিত ভূগেশ্বৰ বৰুৱা কমপ্লেক্সত বাগৰুম্বাই ৰচিব বিশ্ব অভিলেখ ৷ ইয়াৰ বাবে ইতিপূৰ্বেই জিলা সমূহৰ কেতবোৰ নিৰ্বাচিত অঞ্চলত বহুদিনৰে পৰা অব্যাহত আছিল ব্যাপক অনুশীলন ৷
অৱশেষত অনুশীলনত নিৰ্বাচিত ১০ হাজাৰ বাগৰুম্বা শিল্পীয়ে ১৭ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত প্ৰদৰ্শন কৰিব বাগৰুম্বা নৃত্য ৷
উল্লেখ্য যে ২৩খন জিলাৰ শিল্পীয়ে অংশগ্ৰহণ কৰিব এই অনুষ্ঠানত ৷ ৪, ৫, ৬ জানুৱাৰীত মাষ্টাৰ ট্ৰেইনাৰসকলৰ প্ৰশিক্ষণ । ৮, ৯, ১০ জানুৱাৰীত শিল্পীসকলক জিলাই জিলাই দিয়া হ’ব চুড়ান্ত প্রশিক্ষণ ৷তাৰ পিছত ১১ জানুৱাৰীত ১৯ হাজাৰ বাগৰুম্বা শিল্পীক অনা হ’ব গুৱাহাটীলৈ ।১২-১৫ জানুৱাৰীলৈ সকলোৱে একেলগে সৰুসজাইত কৰিব অন্তিম অনুশীলন ৷ অৱশেষত ১৭ জানুৱাৰীত বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্যেৰে সৰুসজাই ষ্টেডিয়ামত প্ৰধানমন্ত্ৰীৰ সন্মুখত প্ৰদৰ্শন কৰিব বাগৰুম্বা নৃত্য ৷
