Eviction Drive in Doboka:
নৱবৰ্ষৰ পহিলা দিনটোত সাংবাদিকৰে হোৱা মতবিনিময় অনুষ্ঠানত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই মধ্য অসমত বৃহৎ উচ্ছেদ অভিযানৰ কথা সদৰি কৰাৰ পিছতে আজি হোজাইৰ ডবকাৰ মৌডংগা সংৰক্ষিত বনাঞ্চলত পুৱাৰে পৰা আৰম হয় বৃহৎ উচ্ছেদ অভিযান ৷ ৫৩ খনৰো অধিক বুলড’জাৰৰ কোব পৰে বেদখলকাৰীৰ বাসগৃহত ৷
বেদখল উচ্ছেদৰ বাবে মোতায়েন কৰা হয় শতাধিক আৰক্ষী আৰু চিআৰপিএফ জোৱান সহ জ্যেষ্ঠ আৰক্ষী বিষয়া ৷ আনহাতে প্রচণ্ড শীতৰ মাজতে আৰম্ভ হোৱা প্ৰশাসনৰ উচ্ছেদৰ মাজতে উচ্ছেদত বাধা প্ৰদানৰ চেষ্টা এআইইউডিএফৰ বিধায়ক চিৰাজউদ্দিন আজমলৰ ব্যক্তিগত সহায়ক বিলাল উদ্দিনৰ ৷ বন বিষয়াৰে তৰ্কযুদ্ধত লিপ্ত হয় এআইইউডিএফ নেতাজন I আনকি গছ -গছনি কটাক লৈ ফোনযোগে জিলা আয়ুক্তক নানান প্রশ্নৰ অৱতাৰণা কৰে এআইইউডিএফ নেতাজনে ৷ অৱশ্যে এআইইউডিএফ নেতা- কৰ্মীৰ বাধাকো নেওচি অব্যাহত থাকে উচ্ছেদ অভিযান ৷
আনহাতে উচ্ছেদস্থলীত উপস্থিত থকা হোজাইৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ৰাকেশ ৰেড্ডীয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰে যে, শান্তিপূৰ্ণভাৱে চলি আছে হোজাইৰ যমুনা-মৌডংগা সংৰক্ষিত বনাঞ্চলত উচ্ছদ। পুৱা ৭ বজাৰ পৰাই আৰম্ভ হৈছে উচ্ছেদ অভিযান। প্ৰতিটো ব্লকত প্ৰশাসনৰ লোকে ৰাখিছে চকু। ‘ইয়াৰ পৰা ৮০ শতাংশ লোক ইতিমধ্যেই আঁতৰি গৈছে ৷
