Gujarat:✒️চৰকাৰী বিদ্যালয়ত বাতৰি কাকত পঢ়া আৰু পাঠদান বাধ্যতামূলক কৰাৰ সিদ্ধান্ত লৈছে ৰাজস্থান চৰকাৰে। উত্তৰ প্ৰদেশ চৰকাৰে কিছুদিন পূৰ্বে এই পদক্ষেপ গ্ৰহণ কৰিছিল।
এইবাৰ ৰাজস্থান চৰকাৰেও একে নিৰ্দেশ জাৰি কৰিছে।প্ৰতিখন বিদ্যালয়ত কমেও দুখনকৈ দৈনিক বাতৰি কাকত ক্ৰয় কৰিব লাগিব। ছাত্রছাত্ৰীসকল সেই কাকত পঢ়িব দিব লাগিব আৰু পঢ়ি শুনাব লাগিব। লগতে প্ৰতিদিনৰ বাতৰি লৈ আলোচনা কৰাও বাধ্যতামূলক হ’ব।
শিক্ষা বিভাগৰ ৩১ ডিচেম্বৰত জাৰি কৰা নিৰ্দেশিকাৰ অনুসৰি, স্কুলৰ আৰম্ভণিত ১০ মিনিট বাতৰি কাকত পঢ়াৰ বাবে ৰখা হ’ব। মাধ্যমিক আৰু উচ্চমাধ্যমিক বিদ্যালয়ত হিন্দী আৰু ইংৰাজী দৈনিক দুখনকৈ বাতৰি কাকত থাকিব।
উচ্চপ্ৰাথমিক বিদ্যালয়ত অন্তত দুখনকৈ হিন্দী দৈনিক থাকিব। ইংৰাজী মাধ্যমৰ স্কুলতও এই নিয়ম প্ৰযোজ্য। কাগজৰ খৰচ বহন কৰিব জয়পুৰৰ ৰাজস্থান স্কুল শিক্ষা সংসদ।
নির্দেশিকাৰ মূল উদ্দেশ্য হৈছে, ছাত্রছাত্ৰীৰ শব্দভাণ্ডাৰ সমৃদ্ধ কৰা, পঢ়াৰ অভ্যাস গঢ়ি তোলা আৰু দৈনন্দিন ঘটনাবলী সম্পৰ্কে জ্ঞান বৃদ্ধি কৰা।
লগতে, তেওঁলোকক পৰিবেশ আৰু সমাজৰ বিষয়ে সচেতন কৰি, ভৱিষ্যতে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুত কৰা।
শিক্ষকে প্ৰতিদিনৰ কাগজৰ পৰা অন্তত পাঁচটা নতুন শব্দ উলিয়াই তাৰ অৰ্থ ছাত্রছাত্ৰীৰ মাজত ব্যাখ্যা কৰিব। প্ৰতিদিন পুৱা বিদ্যালয়ত এখনকৈ জাতীয় বাতৰি কাকত পঢ়ি শুনাব লাগিব।
ৰাজনীতি, খেলাধুলা, আন্তঃৰাষ্ট্ৰীয় খবৰ আৰু সম্পাদকীয় পৃষ্ঠাও খবৰো অন্তৰ্ভুক্ত কৰিব লাগিব।
উল্লেখযোগ্য, উত্তৰ প্ৰদেশ চৰকাৰে আগতে একে ধৰণৰ নিৰ্দেশিকা জাৰি কৰিছিল।






























