Bail Petition:
জুবিন গাৰ্গ হত্যা গোচৰৰ অন্যতম অভিযুক্ত অমৃতপ্ৰভা মহন্তই জামিনৰ বাবে দ্বাৰস্থ হৈছে কামৰূপ মহানগৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালতত ৷ ন্যায়াধীশ গৌতম বৰুৱাৰ আদালতত আজি জামিন আবেদন দাখিল কৰে মহন্তৰ অধিবক্তা আনন্দ কুমাৰ ভূঞাই ৷
উল্লেখ্য যে জুবিন গাৰ্গ হত্যা গোচৰৰ অন্যতম অভিযুক্ত অমৃতপ্ৰভা মহন্ত বৰ্তমান কাৰাৰুদ্ধ হৈ আছে হাফলং উপ- কাৰাগাৰত ৷ আনহাতে জুবিন গাৰ্গ হত্যা গোচৰৰ আজি তৃতীয়টো শুনানি আছিল সত্ৰ ন্যায়াধীশৰ আদালতত ৷
