Chargesheet Viral:জুবিন গাৰ্গ হত্যা গোচৰৰ অভিযোগনামাৰ পৃষ্ঠা সামাজিক মাধ্যমত ভাইৰেলক লৈ গোচৰ ৰজু সত্ৰ ন্যায়াধীশ আদালতত

বিধায়ক অখিল গগৈ সহ একাংশ লোকৰ বিৰুদ্ধে গোচৰ ৰজু

WhatsApp Image 2026 01 03 at 1.56.50 PM

Chargesheet Viral:

জুবিন গাৰ্গ হত্যা গোচৰৰ ১২হাজাৰ পৃষ্ঠাৰ চাৰ্ছশ্বীট এছআইটিয়ে দাখিল কৰিছিল কামৰূপ চিজেএম আদালতত। কিন্ত আদালতত দাখিলৰ দুদিনৰ পিছৰে পৰা কেতবোৰ পৃষ্ঠা সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈছিল ৷

চাৰ্টিফাইট কপি আদালতৰ পৰা নোলোৱাকৈ ছ’চিয়েল মেডিয়াত ভাইৰেল কৰাক লৈ শেহতীয়াকৈ সত্ৰ ন্যায়াধীশ আদালতত ০১/২০২৬ নম্বৰত ৰজু হৈছে গোচৰ ৷ উল্লেখ্য যে বিধায়ক অখিল গগৈয়ে সংবাদমেল সম্বোধন কৰি চার্জশ্বীট ৰাজহুৱা কৰাৰ সমান্তৰালভাৱে আন একাংশ লোকেও সামাজিক মাধ্যমত ভাইৰেল কৰিছিল চার্জশ্বীটৰ পৃষ্ঠাৰ কেতবোৰ অংশ ৷

Exit mobile version