Greece : ✒️সমগ্ৰ পৃথিৱী গ্রহক জীৱৰ বাসোপযোগী কৰি ৰখাত মূল ভূমিকা পালন কৰা দুই মেক শেহতীয়াভাবে উদ্বেগজনকভারে উত্তপ্ত হ’বলৈ ধৰিছে। স্বাভাৱিকতে দুই মেৰুৰ উষ্ণতা বৃদ্ধিয়ে বিশ্ববাসীক উদ্বিগ্ন কৰিছে। ইয়াৰ কাৰণ কি হ’ব পাৰে তাক লৈ বিশ্বৰ বিভিন্ন প্রান্তত অধ্যয়ন-গবেষণা অব্যাহত আছে।
এনে অৱস্থাতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পেনছিলভেনিয়া স্টেট বিশ্ববিদ্যালয়ৰ এদল গবেষকে প্রকাশ কৰিছে যে মেকদেশীয় বায়ুৰ প্রতিক্রিয়া চক্রই দুই মেৰুৰ উষ্ণতা বৃদ্ধিৰ প্ৰতি অৰিহণা যোগাইছে। এই প্রতিক্রিয়া চক্ৰৰ ফলত সাগৰৰ বৰফৰ দ্বাৰা ডাৱৰ গঠন আৰু ৰাসায়নিক সংযোগ সম্পন্ন হয়।
ইয়াৰ বিপৰীতে আলস্কাৰ প্ৰধো উপসাগৰত থকা তেলখাদৰ পৰা হোৱা নির্গমনে দক্ষিণ মেৰুৰ বায়ুমণ্ডল ভেজাল কৰিছে। এইসমূহে এক শক্তিশালী ধনাত্মক প্রতিক্রিয়া চক্ৰৰ সৃষ্টি কৰিছে। ইয়াৰ ফলত মেৰুদেশৰ বৰফ দ্রুততৰে গলিবলৈ ধৰিছে।
গতিকে মেৰুদেশত উষ্ণতা উদ্বেগজনক হাৰত বৃদ্ধি পাবলৈ ধৰিছে। এই সম্পৰ্কত গৱেষণা সম্পন্ন কৰা গৱেষকৰ দলটোৰ মুৰব্বী অধ্যাপক জ’ছ ডি ফুরেন্টেছে কয় যে মেকদেশীয় চাৰিসীমাৰ স্তৰত ঘটা ৰাসায়নিক পৰিৱৰ্তনক লৈ তেওঁলোকে অধ্যয়নৰ এক অভূতপূর্ব সুযোগ লাভ কৰে।
ইয়াৰ জৰিয়তে তেওঁলোকে তথ্য উদ্ঘাটন কৰে যে মানুহৰ কাম-কাজৰ প্ৰভাৱত দুই মেৰুৰ জলবায়ুৰ পৰিৱৰ্তন ঘটিছে। এনে তথ্যৰ জৰিয়তে পৃথিৱীৰ জলবায়ু সম্পর্কে অধিক অধ্যয়ন কৰিব পৰা হ’ব বুলিও গৱেষকজনে আশা প্রকাশ কৰিছে।
মেৰুদেশীয় বায়ু প্রতিক্রিয়া চক্ৰৰ বিষয়ে অধিক তথ্য আহৰণৰ উদ্দেশ্যে তেওঁলোকে সবিশেষ তথ্য কোষ ব্যৱহাৰৰ পৰিকল্পনাও কৰিছে। গৱেষকৰ দলটো লগতে এই সিদ্ধান্ততো উপনীত হৈছে যে দুই মেৰুত সংঘটিত পৰিৱেশ সংক্রান্তীয় পৰিঘটনাই সমগ্ৰ বিশ্বৰ বতৰৰ ওপৰত প্রভাৱ পেলাব পাৰে।
তেওঁলোকে উদ্ধাৰ কৰা মেকদেশীয় বায়ুৰ প্রতিক্রিয়া চক্র সম্পকীয় তথ্যই দুই মেৰুৰ ডাৱৰ, প্ৰদূষক, ডাৱৰৰ কণিকা আদিৰ মাজৰ সংযোগ সম্পর্কে অধিক তথ্য আহৰণত সহায় কৰিব। তদুপৰি এই তথ্যসমূহে সমগ্র পৃথিৱীৰ জলবায়ু সম্পর্কে অধ্যয়নতো সহায় কৰিব বুলি গৱেষকৰ দলটোৱে প্ৰকাশ কৰিছে।






























