America:✒️আমেৰিকাৰ ৱাশিংটনত সংঘটিত এক ভয়ংকৰ পথ দুর্ঘটনাত মৃত্যু ভাৰতীয় দম্পতি। নিহত দম্পতী কৃষ্ণ কিশোৰ (৪৫) আৰু আশা (৪০)। এই দুৰ্ঘটনাত তেওঁলোকৰ দুয়োটা সন্তান গুৰুতৰভাৱে আহত হৈছে। বৰ্তমান সন্তান দুজন চিকিৎসাধীন অৱস্থাত চিকিৎসালয়ত ভৰ্তি আছে।
তথ্য অনুসৰি, কৃষ্ণ কিশোৰ পেচাত এজন সফ্টৱেৰ ইঞ্জিনীয়াৰ আছিল। দম্পতীহাল অন্ধ্ৰপ্ৰদেশৰ পালাকোল্লুৰ বাসিন্দা। মাত্ৰ দশ দিন আগতেই সপৰিয়ালে তেওঁলোক ভাৰতত ছুটি কটাই পুনৰ আমেৰিকালৈ উভতি গৈছিল ।
ঘটনাৰ দিনা কৃষ্ণ আৰু আশা তেওঁলোকৰ দুটা সন্তানক লৈ গাড়ীৰে যাত্ৰা কৰি আছিল। সেই সময়তে এখন অন্য চাৰিচকীয়া বাহনৰ স’তে তেওঁলোকৰ গাড়ীৰ মুখামুখি সংঘর্ষ ঘটে। ঘটনাস্থলীতেই কৃষ্ণ কিশোৰ আৰু আশা মৃত্যু হয়।
গুৰুতৰভাৱে আহত অৱস্থাত উদ্ধাৰ কৰি সন্তান দুজনক ওচৰৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
চিকিৎসালয়ৰ সূত্ৰে জনোৱা মতে, বৰ্তমান সন্তান দুজনৰ অৱস্থা স্থিতিশীল যদিও তেওঁলোক চিকিৎসাধীন হৈ আছে।
মর্মান্তিক এই ঘটনাৰ খবৰ শুনি শোকত ভাঙি পৰিছে কৃষ্ণ আৰু আশাৰ পৰিয়াল। সূত্ৰ অনুসৰি,পৰিয়ালৰ এজন সদস্যই কয়, “কেইদিনমান আগতেই তেওঁলোকে ঘৰলৈ আহিছিল। সকলোৱে একেলগে সুখে সময় কটাইছিল। এই খবৰ শুনি আমি সম্পূৰ্ণভাৱে ভাঙি পৰিছোঁ।”
সূত্ৰ অনুসাৰে, নিহত দম্পতীৰ মৃতদেহ ভাৰতলৈ ঘূৰাই অনাৰ বাবে ইতিমধ্যে যাৱতীয় তৎপৰতাৰ আৰম্ভ কৰা হৈছে।






























