Donald Trump:✒️তেতিয়া ঘড়ীত সময় পুৱতি নিশা ৪-৩০ বাজিছিল। দিনটো আছিল শনিবাৰ অৰ্থাৎ চলিত বৰ্ষৰ তিনি জানুৱাৰী। এই নিচেই পুৱাতে এজন সাংবাদিকে কৰা ফোন ৰিচিভ কৰি সঁহাৰি দিলে বিশ্বৰে শক্তিধৰ ৰাষ্ট্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে। ৰাষ্ট্রপতিৰ পৰা এনে ইতিবাচক সঁহাৰি পাব বুলি সাংবাদিকজনেও ভাবিব পৰা নাছিল। কর্তব্যদায়ত তেওঁ স্বয়ং ৰাষ্ট্রপতিলৈকে ফোন কৰি ভেনিজুৱেলাৰ মার্কিন আক্ৰমণৰ বিষয়ে প্রত্যক্ষভাবে সবিশেষ জানিবলৈ বিচাৰে।
ভেনিজুৱেলাৰ ৰাষ্ট্রপতি নিক’লাছ মাদুৰ’ আৰু তেওঁৰ পত্নীক মার্কিন বাহিনীয়ে বন্দী কৰি আনিবলৈ সক্ষম হোৱাক লৈ আনন্দত আত্মহাৰা হৈ থকা ট্রাম্পে সাংবাদিকজনৰ প্রতি প্রদর্শন কৰা এই সৌজন্যৰ বাবেও চর্চালৈ আহিছে। ‘দ্য নিউয়র্ক টাইমছ’ৰ হোৱাইট হাউছৰ সংবাদদাতা টাইলৰ পেজে শনিবাৰে পুৱা ৪-৩০ বজাতে মার্কিন ৰাষ্ট্ৰপতিলৈ ফোন কৰে।
নিচেই পুৱা কৰা এই ফোনৰ তিনিবাৰ ৰিং হোৱাৰ পাছতে ট্রাম্পে ফোন গ্ৰহণ কৰি সঁহাৰি দিয়াত দুয়ো বাৰ্তালাপ কৰে। স্বাভাৱিকতে বদ মেজাজী ট্রাম্পৰ এনে আচৰণো এটা বাতৰিত পৰিণত হৈছে। এই সম্পর্কত সাংবাদিক পেজে কয়, ‘কাৰাকাছত বোমাবর্ষণ হোৱা বুলি ভেনিজুবেলাত থকা আমাৰ সহকর্মী এনাটলী কুর্মানেভে একাংশ সংবাদদাতা আৰু সম্পাদকলৈ প্ৰেৰণ কৰা বাৰ্তাৰ পাছতে মই শনিবাৰে নিশা এক বজাৰ পাছত সাৰ পাওঁ।’
তাৰ পাছতে তেওঁ ৰাষ্ট্ৰপতিলৈ ফোন কৰে। এই সম্পর্কত সাংবাদিকজনে লগতে কয় যে তেওঁ আৰু তেওঁৰ সহকৰ্মীসকলে মাদুৰ’ চৰকাৰ বিৰোধী ট্রাম্প প্রশাসনৰ সজাগতা অভিযানৰ বিগত প্রায় এবছৰ ধৰি বাতৰি কৰি আহিছে। ইয়াৰ পূৰ্বে এই সাংবাদিকসকলে মাদুৰ’ক বন্দী কৰাৰ বাবে মার্কিন বাহিনীয়ে কৰা পৰিকল্পনাৰ বাতৰি ট্রাম্প প্রশাসনৰ দুজন জ্যেষ্ঠ বিষয়াৰ উদ্ধৃতি দি প্ৰচাৰ কৰে।
দীঘল দাড়ি-গোফ আৰু ধোঁৱা ৰঙৰ চুলিৰ গৰাকী মাদুৰ’ৰ বিৰুদ্ধে চলা মার্কিন অভিযানৰ সম্পৰ্কত সাংবাদিক পেজে লগতে কয়, ‘যেতিয়া কাৰাকাছত বিস্ফোৰণ সংঘটিত হোৱাৰ প্ৰথম খবৰ পাওঁ আমাৰ দৃঢ় বিশ্বাস হৈছিল যে এই বিস্ফোৰণত আমেৰিকা যুক্তৰাষ্ট্ৰ জড়িত আছে। মই ৰাষ্ট্ৰপতিলৈ পোনপটীয়াকৈ ফোন কৰো আৰু তেওঁ মোৰ ফোন ধৰে। তেওঁৰ ফোনৰ আচৰণ ভাল। সাংবাদিকৰ ফোনকল তেওঁ নিয়মীয়াকৈ গ্রহণ কৰে।’
অৱশ্যে তেওঁ এইবাৰ প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতিলৈ ফোন কৰা বুলিও জনায়। সাংবাদিকজনৰ ফোন ৰিচিভ কৰি ট্রাম্পে ‘হেল্ল’ বুলি সঁহাৰি দিয়ে আৰু ৰাষ্ট্ৰপতিৰ এই সঁহাৰি পাই সাংবাদিকজন জঁপিয়াই উঠে। ‘মই তেওঁক ক’লো যে মই নিউয়র্ক টাইমছৰ পৰা ফোন কৰিছো আৰু অভিযানটোৰ বিষয়ে সুধিলো। প্ৰথমবাৰৰ বাবে মই তেওঁলৈ ম’বাইল ফোনত ফোন কৰিলো। আমাৰ কাকতৰ বাশ্বিংটনৰ ব্যুৰ’ চীফ ডিক স্টিভেনছন, সামৰিক বাহিনীৰ বাতৰি সংগ্ৰহ কৰা এৰিক স্কিমট আৰু চোৰাংচোৱাৰ বাতৰি সংগ্ৰহ কৰা জুলিয়ান বাৰ্গেছৰ স’তে আলোচনা কৰাৰ পাছতহে ৰাষ্ট্ৰপতিলৈ মই ফোন কৰিলো।’
এইদৰে কয় সাংবাদিক পেজে। ফোনত ট্রাম্পৰ সঁহাৰি পোৱাৰ পাছত দুয়ো কৰা কথোপকথনৰ বিষয়ে সাংবাদিকজনে কয়, ‘আমাৰ চমু বাৰ্তালাপৰ সময়ত মই নিচেই পুৱাতে ফোন কৰাৰ বাবে তেওঁ কোনো আপত্তি দর্শোৱা নাছিল। অৱশ্যে তেওঁ মোৰ প্ৰশ্নৰ উত্তৰ নিদিলে। তাৰ পৰিৱৰ্তে তেওঁ মোক কেইঘণ্টামানৰ পাছত সম্বোধন কৰা সংবাদমেললৈ অপেক্ষা কৰিবলৈ কয়।’ ৰাষ্ট্ৰপতিয়ে ফোন থোৱাৰ পূৰ্বে তেওঁ ৫০ ছেকেণ্ডত চাৰিটা প্রশ্ন সোধা বুলিও তেওঁ সদৰী কৰে।






























