underwater tunnel:✒️ব্ৰহ্মপুত্ৰৰ তলেৰে গহপুৰ-নুমলীগড় সংযোগী অভিলাষী সুৰংগ পথ নির্মাণত অৱশেষত কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনালে। এই প্রস্তাৱিত সুৰংগ পথ যুগ্ম টিউবৰ হ’ব। পানীৰ তলত প্ৰথমবাৰৰ বাবে দেশত এনে সুৰংগ নিৰ্মাণৰ লক্ষ্য লোৱা হৈছে। ১৫.৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ হ’ব লগা এই যুগ্ম সুৰংগ পথ নির্মাণত কেন্দ্রীয় ব্যয় সচিব নেতৃত্বাধীন এক আন্তঃমন্ত্রণালয় সমিতিয়ে অনুমোদন জনাইছে।
এই অভিনৱ সুৰংগ পথ নির্মাণ আন এক দিশৰ পৰাও উল্লেখনীয়। সেয়া হৈছে দুটা টিউবৰ মাজত নিৰ্মাণ হ’বলগীয়া এই সুৰংগ পথত যানবাহনৰ উপৰি ৰেলেও চলাচল কৰিব পাৰিব। মূলতঃ ঘাইপথত যান-জট হ্রাসৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে এই সুৰংগ পথ নিৰ্মাণৰ পৰিকল্পনা প্রস্তুত কৰিছে।
এই সুৰংগ পথৰ নক্সা অনুসৰি বেল চলাচলৰ সময়ত পথত যানবাহনৰ চলাচল বন্ধ থাকিব। টিউবৰ ভিতৰত যানবাহন চলাচলৰ বাবে শিলগুটিৰে নিৰ্মিত পথ থাকিব। একেদৰে বিদ্যুতৰ সহায়ত বেলে চলাচল কৰিব। অৱশ্যে মূল পথছোৱাৰ দৈর্ঘ্য ১৫.৮ কিলোমিটাৰ হ’লেও ইয়াৰ সম্পূর্ণ প্রকল্পই ৩৩.৭ কিলোমিটাৰ দৈৰ্ঘ্যক সামৰি লৈছে।
এই সম্পূর্ণ প্রকল্প ৰূপায়ণৰ বাবে ১৮,৬০০ কোটি টকা ধার্য কৰা হৈছে। এই প্রকল্প মুকলিৰ লগে লগে গহপুৰ আৰু নুমলীগড়ৰ মাজৰ যাত্ৰা বৰ্তমানৰ চাৰে ছঘণ্টাৰ পৰা মাথোঁ ৩০ মিনিটলৈ হ্রাস পাব। কাৰণ এই সুৰংগ পথ নিৰ্মাণৰ ফলত উক্ত দুঠাইৰ মাজৰ দূৰত্ব বৰ্তমানৰ ২৪০ কিলোমিটাৰৰ পৰা ৩৪ কিলোমিটাৰলৈ হ্রাস পাব।
এই সুৰংগ পথে কেৱল গহপুৰ আৰু নুমলীগড়ৰ মাজৰ দূৰত্ব হ্রাস কৰাই নহয়, অৰুণাচল প্রদেশ, মণিপুৰ আৰু আন উত্তৰ-পূবৰ ৰাজ্যসমূহৰ মাজতো যোগাযোগৰ সুবিধা উন্নত কৰিব। আনহাতে, এই প্রকল্প ৰূপায়ণৰ ব্যয় কেন্দ্রীয় ঘাইপথ মন্ত্রণালয়, ৰেল মন্ত্রণালয় আৰু প্রতিৰক্ষা মন্ত্রণালয়ে বহন কৰিব।
এই সুৰংগ পথ ব্ৰহ্মপুত্ৰৰ তলপৃষ্ঠৰ ৩২ মিটাৰ গভীৰতাত নিৰ্মাণ কৰিবলৈ নক্সা প্রস্তুত কৰা হৈছে। প্রকল্প নির্মাণ আৰম্ভ হোৱাৰ পৰা পাঁচ বছৰৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে। এই সম্পৰ্কত শীর্ষ চৰকাৰী বিষয়াবৰ্গই সদৰী কৰা অনুসৰি আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই প্ৰকল্পৰ প্ৰস্তাৱর অনুমোদনৰ বাবে কেন্দ্রীয় কেবিনেটত দাখিল কৰাৰ সম্ভাৱনা আছে।
ইয়াৰ পূৰ্বে যোৱা বছৰ কেন্দ্রীয় বিত্ত মন্ত্রণালয়ে প্রকল্পটোত অনুমোদন জনায়। এই প্রকল্প ৰণনীতিগত দিশৰ পৰাও গুৰুত্বপূর্ণ বুলি বিবেচিত হৈছে। চুবুৰীয়া দুই দেশ বাংলাদেশ আৰু চীনৰ ভাৰতৰ প্ৰতি বৈৰীতাই এই ক্ষেত্ৰত ক্রিয়া কৰা বুলি চর্চিত হৈছে। সূত্ৰৰ মতে, কেবল এই সুৰংগ পথেই নহয়, উত্তৰ-পূবক দেশৰ আন অংশৰ স’তে সংযোগ কৰা ‘কুকুৰা ডিঙি’ (চিকেন নেক) সদৃশ পথৰ ওচৰে-পাঁজৰে ব্ৰহ্মপুত্ৰত আন দুটা সুৰংগ পথ নির্মাণৰো চিন্তা-চৰ্চা কৰিছে কেন্দ্রই।






























