বিশ্বৰে পঞ্চম বৃহত্তম খাৰুৱা তেল উৎপাদনকাৰী দেশ ভেনিজুৱেলাৰ তৈল ভাণ্ডাৰ হস্তগত কৰাৰ উদ্দেশ্যেই আমেৰিকা যুক্তৰাষ্ট্ৰই দেশখন আক্ৰমণ কৰি পত্নীসহ ৰাষ্ট্ৰপতি নিক’লাছ মাদুৰ’ক বন্দী কৰি অনা বুলি ব্যাপক চর্চা হৈছে। আনকি এনে চর্চা স্বয়ং আমেৰিকাতে সূত্রপাত হৈছে। তদুপৰি ভেনিজুৱেলা আক্ৰমণৰ বিৰোধিতা কৰি একাংশই আমেৰিকাত প্রতিবাদ গঢ়ি তুলিছে।
এনে প্ৰতিবাদৰ প্রতি প্রকাশ্যে সমর্থন আগবঢ়াই বিগত মার্কিন ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পৰাজিত ডেম’ক্রেট প্রার্থী কমলা হেৰিছ, নিউয়ৰ্কৰ মেয়ৰ জোৰহান মামদানিসহ বহুজন ট্রাম্প প্ৰশাসনৰ সমালোচনাত মুখৰ হৈছে। ভেনিজুৱেলা আক্ৰমণৰ খবৰ বিয়পি পৰাৰ পাছৰে পৰা দেশখনৰ ৰাজধানী ৱাশ্বিংটন ডিচিসহ বিভিন্ন স্থানত প্রতিবাদ সাব্যস্ত হৈছে। এনে প্রতিবাদ গঢ় লৈ উঠিছে চিকাগোতো। ইয়াৰ মাজতে একাংশই অভিযোগ কৰিছে যে ভেনিজুৱেলাৰ ভূগৰ্ভত থকা ৩০ হেজাৰ কোটি বেৰেল খাৰুৱা তেল হস্তগত কৰাৰ উদ্দেশ্যে ট্রাম্পে দক্ষিণ আমেৰিকাৰ দেশখনত এই আক্রমণ কৰালে।
মার্কিন সেনাৰ এই অভিযানৰ বিৰুদ্ধে চিকাগো, ৱাশ্বিংটন ডিচি আদিত ৰাজপথত ধ্বনি দি অসংখ্য লোকে সমদল উলিয়াইছে। এনে প্রতিবাদত অংশ লোৱা একাংশই ‘তেলৰ বাবে তেজ নাচাওঁ’,’ভেনিজুৱেলা-আমেৰিকাৰ যুদ্ধ নিবিচাৰো’ ধ্বনি দিয়ে। চিকাগোৰ ফেডাৰেল প্লাজাৰ ওচৰত এজন প্রতিবাদকাৰীয়ে চিৎকাৰ কৰি উঠি কয়, ‘লেটিন আমেৰিকাৰ ওপৰত হাত নুতুলিব।’
উল্লেখ্য যে মার্কিন সংসদৰ অনুমতি অবিহনে ট্রাম্পে ভেনিজুৱেলা অভিযান চলায়। ট্রাম্প প্রশাসনৰ এই কাৰ্যক কঠোৰ ভাষাৰে সমালোচনা কৰি ডেম’ক্রেট হেৰিছে কয়, ‘ট্রাম্পৰ এই পদক্ষেপে কেতিয়াও আমেৰিকা যুক্তৰাষ্ট্ৰক সুৰক্ষিত বা শক্তিশালী নকৰে। মাদুৰ’ স্বেচ্ছাচাৰী, নিষ্ঠুৰ, অবৈধ শাসক হ’লেও ট্রাম্পে এনে ধৰণৰ আক্ৰমণ সংঘটিত কৰিব নোৱাৰে।’
একেদৰে নিউয়ৰ্কৰ মেয়ৰ মামদানিয়ে কয়, ‘ট্রাম্পে ভেনিজুৱেলাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে। এনেদৰে শাসন ব্যৱস্থাৰ পৰিৱৰ্তনৰ চেষ্টা বিদেশীয়ে কৰিব নোৱাৰে। বৰঞ্চ ইয়াৰ প্ৰভাৱ নিউয়ৰ্কৰ বাসিন্দাসকলৰ ওপৰত পৰিব। নিউয়ৰ্কত ভেনিজুৱেলাৰ হেজাৰ হেজাৰ লোকে বাস কৰে।’ মামদানিয়ে নিউয়ৰ্কৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰো দাবী উত্থাপন কৰে।
ডেলচি ৰড্রিগেজক ভেনিজুৱেলাৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি নিযুক্তি
মার্কিন বাহিনীয়ে ৰাষ্ট্ৰপতি মাদুৰ’ক একপ্ৰকাৰ অপহৰণ কৰি নিয়াৰ পাছত ভেনিজুৱেলাৰ ন্যায়ালয়ে উপ-ৰাষ্ট্ৰপতি ডেলচি ৰড্রিগেজক ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি নিযুক্তি দিছে। ডেলচিয়ে মাদুৰ’ আৰু তেওঁৰ পত্নীক শীঘ্ৰে মুক্তি দিবলৈ ট্রাম্প প্রশাসনক দাবী জনাইছে। ইতিমধ্যে এই দাবী সম্বলিত বার্তা তেওঁ ট্রাম্পলৈ প্ৰেৰণ কৰিছে। বাৰ্তাত লগতে তেওঁ স্পষ্ট কৰি দিছে যে ভেনিজুৱেলাই কেতিয়াও ট্রাম্পৰ ওচৰত শিৰনত নকৰে। দেশখনৰ লগতে দেশখনৰ প্ৰাকৃতিক সম্পদ ৰক্ষা কৰা হ’ব বুলিও নৱনিযুক্ত ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতিজনে হুংকাৰ দিছে। অৱশ্যে ইয়াৰ মাজতে চৰ্চা হৈছে যে ট্রাম্প প্রশাসনে হাতৰ পুতলা সদৃশ এজন ব্যক্তিক ভেনিজুৱেলাৰ শাসকৰ দায়িত্ব প্রদান কৰিব।






























