Eviction Drive:বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ বেদখলিকৃত ভূমিত উচ্ছেদ অভিযান আৰম্ভ

WhatsApp Image 2026 01 05 at 2.30.21 PM

Eviction Drive:

ডবকাৰ পিচত এইবাৰ উচ্ছেদ অভিযানবুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ ভূমি বেদখল ভূমিত ৷ ভূমি বেদখল মুক্ত কৰাৰ বাবে উচ্ছেদ অভিযান আজি পুৱাৰে পৰা আৰম্ভ হয় ৷ অভয়াৰণ্যখনৰ ক্ষতিপূৰণমূলক বনানীকৰণৰ বাবে ইতিমধ্যে আৱণ্টিত প্ৰায় ৬২০০ বিঘা মাটিত বেদখল চলিছিল বুলি প্ৰকাশ কৰিছে শোণিতপুৰ জিলা প্ৰশাসনে৷

উল্লেখযোগ্য , ইয়াৰ পূৰ্বে ৰাজহ চক্ৰৰ কাৰ্যালয় আৰু বন বিভাগৰ বিষয়াসকলে কৰা যৌথ পৰীক্ষণৰ ভিত্তিত সেই বেদখলকাৰীসকলক উক্ত চৰকাৰী ভূমি খালী কৰাৰ জাননী প্ৰেৰণ কৰা হৈছিল। কিন্তু প্ৰায় এমাহৰ জাননীৰ সময়সীমাৰ পাছতো বেদখলকাৰীয়ে ক্ষতিপূৰণমূলক বনানীকৰণৰ ভূমি খালী কৰা নাছিল।কিছুসংখ্যক লোক উচ্ছেদৰ পূৰ্বেই একাংশ লোক আঁতৰি গৈছিল৷ কাইলৈও অব্যাহত থাকিব উচ্ছেদ অভিযান ৷

Exit mobile version