Heroin Seized in Panbazar:
ড্ৰাগছৰ বিৰুদ্ধে গুৱাহাটী আৰক্ষীয়ে কঠোৰ পদক্ষেপ লৈ থকাৰ মাজতে এইবাৰ পানবজাৰ আৰক্ষীৰ জালত পৰে ড্ৰাগছ সৰবৰাহকাৰী ৷ বিশেষ খবৰৰ ভিত্তিত পানবজাৰ ২নং ৰে’ল গেইটৰ সমীপত আৰক্ষীয়ে অৰ্তকিতে অভিযান চলাই এজন সৰবৰাহকাৰীৰ পৰা জব্দ কৰে ১১.৭ গ্ৰাম ওজনৰ হেৰ’ইন ।৬টা প্লাষ্টিকৰ বটলত লৈ সৰবৰাহ কৰি অনা হৈছিল জব্দকৃত হে’ৰইন খিনি । আটকাধীন সৰবৰাহীটোৰ নাম আইনুল হক। ঘৰ ধুবুৰী জিলাৰ ফকিৰগঞ্জ ৷
ADVERTISEMENT




































