প্ৰচণ্ড জাৰৰ নিশা লেপ-কম্বল লৈ শুই থকা অৱস্থাত আপোনাৰ ভৰিৰ পেশী টানি ধৰে নেকি? পেশীত হোৱা এনে সমস্যাই গভীৰ নিদ্রাও ভাঙে নেকি? আন কোনো ৰোগ-ব্যাধি নাথাকিলে এনে সমস্যা সাধাৰণ কাৰণতো হ’ব পাৰে।
ইয়াৰ এটা কাৰণ হৈছে জাৰকালি শৰীৰত পানীৰ ঘাটি অধিক হয়।এনে অৱস্থাত জলন্যূনতা বা ডিহাইড্ৰেচনৰ ফলতো নিশা নিদ্রিত অৱস্থাত ভৰিৰ পেশী টানি ধৰিব পাৰে। বিশেষজ্ঞসকলৰ মতে জাৰৰ দিনত কম পৰিমাণত পানী খালে এনে সমস্যাই দেখা দিব পাৰে।
গতিকে গৰমৰ দিনৰ দৰে জাৰৰ দিনতো পানী খাব লাগে। অৱশ্যে শৰীৰত পটাছিয়াম, কেলছিয়াম,মেগনেছিয়ামৰ অভাৱতো নিশা শুই থকা অৱস্থাত ভৰিৰ পেশী টানি ধৰিব পাৰে।
তদুপৰি মধুমেহ বা বৃক্কৰ ৰোগ হ’লেও এনে সমস্যাৰ সৃষ্টি হ’ব পাৰে। কেৱল এয়াই নহয়, বিশেষজ্ঞসকলৰ মতে ৰক্ত সঞ্চালন কম হ’লেও ভৰিৰ পেশী টানি ধৰিব পাৰে। ভৰিৰ পেশী টানি ধৰাৰ কাৰণ আন এটা ৰোগো হ’ব পাৰে।
এই ৰোগৰ নাম হ’ল পেৰিফেৰাল আৰ্টাৰী ডিজিজ। এই ৰোগত আক্রান্তসকলৰ নিশা নিদ্রিত অৱস্থাত ভৰিৰ পেশী টানি ধৰে। তদুপৰি ভৰিৰ পতাৰ সিৰা নীলা হৈ ফুলি উঠে। এই ৰোগ সৃষ্টিৰ কাৰণ হ’ল স্বাস্থ্যৰ বাবে ক্ষতিকাৰক কলেষ্টেৰল শৰীৰত জমা হয়।
এনে কলেষ্টেৰল শৰীৰত জমা হ’লে ভৰিৰ অংগ-প্রত্যংগলৈ অক্সিজেন প্রবাহিত হ’ব নোৱাৰে। এনে অৱস্থাত ত্বকৰ ৰং সলনি হৈ থাকে। ফুলি উঠা সিৰাৰ ৰং বেঙুনীয়া হ’ব পাৰে। আনকি নীলাৰ পৰা বেঙুনীয়ালৈ সলনি হ’ব পাৰে। স্বাভাৱিকতে এনে অৱস্থাত চিকিৎসকৰ দ্বাৰস্থ হোৱা উচিত।
সাধাৰণ পেশী টানৰ পৰা ৰক্ষা পোৱাৰ উপায়: আন কোনো বেমাৰ-ব্যাধি নাথাকিলে ঘৰতে ভৰিৰ পেশীৰ টানৰ সমস্যাৰ পৰা উপশম পাব পাৰি। অৱশ্যে শৰীৰত যে আন বেমাৰ নাই সেয়া নিশ্চিত কৰিবলৈ চিকিৎসকৰ দ্বাৰস্থ হোৱা উচিত।
পানী কম খোৱা বুলি অনুভৱ হ’লে অধিক পৰিমাণত পানী গ্রহণ কৰি এনে সমস্যাৰ পৰা উপশম পাব পাৰি। তদুপৰি যেতিয়া গভীৰ নিশা এই সমস্যাই দেখা দিয়ে। তেতিয়া লগে লগে যি ঠাইত পেশী টানি ধৰে সেই ঠাইত বৰফৰ সেক দিব লাগে।
তদুপৰি সম্ভৱ হ’লে দ্রুততৰে মালিচ কৰিব লাগে। ইয়ে টানি ধৰা পেশী শিথিল কৰে। তদুপৰি কুহুমীয়া গৰম পানীত ভৰি ধুব পৰে। ইয়াৰ সমান্তৰালকৈ প্ৰচুৰ পৰিমাণে পানী খাব। একেদৰে সেউজীয়া শাক-পাচলি, ফলমূল, কণী আৰু গাখীৰ প্ৰচুৰ পৰিমাণে খাব। সম্ভৱ হ’লে ডাৱৰ পানীও খাব পাৰে। অৱশ্যে দীর্ঘদিন ধৰি এই সমস্যা বর্তি থাকিলে চিকিৎসকৰ দ্বাৰস্থ হোৱা উচিত।






























