influencer Yulia Burtseva:✒️সামাজিক মাধ্যমৰ জনপ্ৰিয় তাৰকা য়ুলিয়া বুটছেভাৰ অকাল মৃত্যু । ইটালীৰ ৩৮ বছৰীয়া ঘুলিয়াই কছমেটিক ছাৰ্জাৰী কৰাবলৈ গৈ প্রাণ হেৰুৱালে।
প্রকাশিত বাতৰি অনুসৰি য়ুলিয়াই কছমেটিক ছাৰ্জাৰী কৰাবলৈ ৰাছিয়ালৈ গৈছিল। প্রাপ্ত বাতৰি অনুসৰি, ৰাছিয়াত চিকিৎসকৰ দ্বাৰা কছমেটিক ছাৰ্জাৰী কৰোৱাৰ সময়তে ঘুলিয়াৰ মৃত্যু হয়।
ইটালীৰ নেপলছৰ নিৱাসী য়ুলিয়াৰ ইনস্টাগ্রামত ৭০,০০০ ৰো অধিক অনুৰাগী আছিল। সামাজিক মাধ্যমত ঘুলিয়াই তেওঁৰ কণমানি কন্যা আৰু স্বামীৰ স’তে জীৱনশৈলী, স্বাস্থ্য আৰু অন্যান্য মনোৰঞ্জকৰ বিষয়ৰ ভিডিঅ’ প্ৰস্তুত কৰি আপলোড কৰিছিল।
ঘুলিয়া এগৰাকী স্বাস্থ্য সচেতন মহিলা হিচাপেও পৰিচিত হৈছিল। ঘুলিয়াই মস্কোত তেওঁৰ শৰীৰৰ নিম্নাংশৰ কছমেটিক ছাৰ্জাৰী কৰোৱাৰ সময়তে এলাৰ্জি আৰু আন স্বাস্থ্য সমস্যাত ভুগিছিল আৰু চিকিৎসকে তেওঁৰ প্ৰাণৰক্ষা কৰিব নোৱাৰিলে।
কছমেটিক ছাৰ্জাৰী কৰোৱাৰ ফলত পূর্বেও মহিলা আৰু পুৰুষৰ মৃত্যুৰ বাতৰি লাভ কৰা হৈছিল।






























