Donald Trump:✒️ৰাছিয়া-ইউক্ৰেইন যুদ্ধ বন্ধ কৰাৰ লক্ষ্যৰে কঠোৰ সিদ্ধান্ত লোৱাৰ দিশত আমেৰিকা । ৰাছিয়াৰ স’তে বাণিজ্য কৰা দেশসমূহৰ ওপৰত ৫০০ শতাংশ শুল্ক আৰোপৰ বিলত অনুমোদন জনালে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।
বিলখন আইন হিচাপে গৃহীত হ’লে ভাৰত আৰু চীনৰ বাণিজ্যত ডাঙৰ প্ৰভাৱ পৰিব পাৰে বুলি অনুমান কৰা হৈছে । বৰ্তমান দেশীয় চাহিদা পূৰণ কৰিবলৈ ভাৰত আৰু চীনে প্ৰায় ৭০ শতাংশ জ্বালানি তেল ৰাছিয়াৰ পৰা ক্ৰয় কৰে। ভাৰত-চীনৰ লগতে ব্ৰাজিলসহ আন কেবাখনো দেশো ৰুশ তেল আৰু গেছৰ ডাঙৰ গ্ৰাহক।
ৰিপাব্লিকান সেনেটৰ লিন্ডছে গ্ৰাহামে জনোৱা মতে, কেইমাহমান ধৰি এই বিলখনক লৈ আলোচনা চলি আছিল। বুধবাৰে এই সন্দৰ্ভত ৰাষ্ট্ৰপতি ট্ৰাম্পৰ স’তে বৈঠক অনুষ্ঠিত হয়। সেই বৈঠকতেই ট্ৰাম্পে বিলখন গৃহীত কৰাৰ বাবে অনুমোদন দিয়ে। আগন্তুক সপ্তাহতেই আমেৰিকান সেনেটত এই বিলখন উত্থাপন হোৱাৰ সম্ভাৱনা আছে।
আমেৰিকাৰ অভিযোগ মতে, ইউক্ৰেইন শান্তিচুক্তিৰ পক্ষত থাকিলেও ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুতিনে যুদ্ধ অব্যাহত ৰাখিছে। কম দৰত ৰুছ তেল ক্ৰয় কৰি বহু দেশে পুতিনৰ যুদ্ধ ব্যৱস্থাক আৰ্থিকভাৱে শক্তিশালী কৰি আছে। সেই বাবেই এই দেশসমূহৰ বিৰুদ্ধে কঠোৰ শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা হৈছে।
উল্লেখযোগ্য যে, ক্ষমতাত অহাৰ পিছৰে পৰা ড’নাল্ড ট্ৰাম্পে ৰাছিয়া-ইউক্ৰেইন যুদ্ধ বন্ধ কৰাৰ চেষ্টা চলাই আহিছে। পুতিনৰ স’তে আলোচনাৰ চেষ্টা কৰা হ’লেও এতিয়ালৈ কোনো উল্লেখযোগ্য অগ্ৰগতি হোৱা নাই। আমেৰিকাৰ মতে, ৰুছ বাণিজ্য বন্ধ কৰি আৰ্থিক চাপ সৃষ্টি কৰিলেহে যুদ্ধ বন্ধ কৰাৰ পথ মুকলি হ’ব।






























