E-Production Investment Business Visa:
চুবুৰীয়া দেশ চিৰবৈৰী চীনৰে সুদীৰ্ঘদিন ধৰি থকা ভাৰতৰ তিক্ততাপূৰ্ণ সম্পৰ্ক ক্ৰমাৎ ভাল হোৱাৰ দিশে গতি কৰিছে ৷ শেহতীয়াকৈ মাৰ্কিন ৰাষ্ট্ৰীয় ডনাল্ড ট্ৰাম্প কেতবোৰ কৰ্মকাণ্ডক লৈ উদ্বিগ্ন প্ৰকাশ কৰিছে ভাৰত আৰু চীনে ৷ আনকি দুই দেশৰ লগত শাৰি পুৰাইছে ৰাছিয়া ৷ আনকি ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে মুকলিকৈ ট্ৰাম্পৰ শুল্ক নীতিক সমালোচনা কৰি আহিছে ৷
ট্ৰাম্পৰ এনেবোৰ কৰ্মকাণ্ডৰ বাবেই দীর্ঘদিন ধৰি চলি থকা কূটনৈতিক যুঁজৰ মাজতে ভাৰত আৰু চীনৰ অৰ্থনৈতিক সম্পৰ্কত এক ডাঙৰ পৰিৱৰ্তন কৰাৰ উদ্দেশ্যৰে উভয় দেশে ঐক্যবদ্ধ হোৱাৰ আন দিশ দিশ মুকলি কৰিছে ৷ যাৰবাবে চীনৰ ব্যৱসায়ীৰ বাবে ভাৰতে মুকলি কৰিছে ‘e-B-4’ ভিছা। ৷ এই ভিছা জৰিয়তে চীনা নাগৰিকে নিৰ্ভয়ে ভাৰতত কৰিব পাৰিব ব্যৱসায় ।
