Fire:মহানগৰীৰ লখৰা চাৰিআলিৰ গৰভংগা পথত বিধ্বংসী অগ্নিকাণ্ড

এটা গেৰেজত ৰহস্যজনকভাৱে সংঘটিত অগ্নিকাণ্ডত ভস্মীভূত ৪খন নতুন ছুপাৰ বাছ

WhatsApp Image 2026 01 08 at 11.31.26 AM

Fire:

মহানগৰীত মাজনিশা ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত। লখৰা চাৰিআলিৰ গৰভংগা পথত থকা এটা গেৰেজত ৰহস্যজনকভাৱে সংঘটিত হয় অগ্নিকাণ্ড। বিধ্বংসী অগ্নিকাণ্ডত জাহ যায় চাৰি খনকৈ নতুন ছুপাৰ বাছ সহ মেৰামতি বাবে ৰখা আন কেবা খনো বাছ ।

মাজনিশা হঠাতে সংঘটিত অগ্নিকাণ্ডৰ পিছতে হুৱাদুৱা লাগে স্থানীয় লোকৰ মাজত ৷ সূত্ৰপাত হোৱা জুয়ে আগুৰি ধৰে গেৰেজটো ৷ আনহাতে অগ্নিকাণ্ডৰ খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হোৱা অগ্নিনিৰ্বাপকৰ গাড়ীয়ে অহৰহ চেষ্টাৰ অন্তত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় ৷

Exit mobile version