Guwahati High Court New Campus:
তুমুল বিতৰ্কৰ মাজতেই উত্তৰ গুৱাহাটীৰ ৰং মহললৈ স্থানান্তৰ হ’ব গুৱাহাটী উচ্চ ন্যায়ালয় ৷ ১১ জানুৱাৰীত উত্তৰ গুৱাহাটীৰ ৰংমহলত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন চৌহদ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হ’ব। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূর্য কান্তই মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ৰংমহলত স্থাপন কৰিব আধাৰশিলা ৷
আনহাতে গুৱাহাটী উচ্চ ন্যায়ালয় গুৱাহাটীৰ ৰং মহললৈ স্থানান্তৰৰ বিৰুদ্ধে আৰম্ভণিৰে পৰা তীব্ৰ বিৰোধীতা কৰি অহা বাৰ এছ চিয়েছনৰ লগতে কে’বাটাও উকীল সন্থাই সেইদিনাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সন্মুখত ছয় ঘণ্টীয়া অনশন কার্যসূচী ৰূপায়ণ কৰিব ৷
উল্লেখ্য যে গুৱাহাটী উচ্চ ন্যায়ালয় বাৰ এছ’চিয়েছনে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চৌহদ স্থানান্তৰৰ যুক্তিসহ তীব্ৰ বিৰোধিতা কৰি আহিছে বাৰ এছ চিয়েছনৰ লগতে কে’বাটাও উকীল সন্থাই। তদুপৰি সম্পূৰ্ণ একপক্ষীয় সিদ্ধান্তৰে চৰকাৰে উচ্চ ন্যায়ালয় স্থানান্তৰৰ অভিযোগ উত্থাপিত হৈছে।
গুৱাহাটী উচ্চ ন্যায়ালয় বাৰ এছ’চিয়েছনৰ সভাপতি কমল নয়ন চৌধুৰী আৰু সাধাৰণ সম্পাদক গিবীন পেগুৱে জনায় যে সন্থাৰ এখন জৰুৰী সাধাৰণ সভাৰ জৰিয়তে এই ঐক্যমত গ্রহণ কৰা হয় যে বাব এছ’চিয়েছনে – আধাৰশিলা স্থাপন অনুষ্ঠান বৰ্জন কৰিব। ইয়াৰ পৰিৱৰ্তে পূৱা ১০ বজাৰ পৰা বিয়লি চাৰি বজালৈ অনশন কাৰ্যসূচী ৰূপায়ণ কৰিব। প্ৰতিবাদৰ অংশ হিচাপে আজি আৰু শুকুৰবাৰে অনশন কাৰ্যসূচী ৰূপায়ণ কৰে ।
প্ৰসংগক্রমে উল্লেখ্য যে চৰকাৰে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশ (চিজেএম) আদালতো বৰ্তমানৰ স্থানৰ পৰা সম্পূৰ্ণৰূপে স্থানান্তৰৰ সিদ্ধান্ত লৈছে। ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্যবৰ্ধনৰ কাৰণ দর্শাই চিজেএম আদালত স্থানান্তৰৰ লগতে কমেও ১৪০ বছৰ পুৰণি উকীল সন্থা গুৱাহাটীৰ ঐতিহ্যমণ্ডিত স্থায়ী কার্যালয়টোও ভাঙি পেলাবলৈ আগবাঢ়িছে। ইয়াৰ বিৰুদ্ধে উকীল সন্থা গুৱাহাটীয়েও প্রতিবাদ অব্যাহত ৰাখিছে; কিন্তু অধিবক্তা সমাজৰ এনে প্রতিবাদক ন্যূনতমো গুৰুত্ব প্ৰদান কৰা নাই ৰাজ্য চৰকাৰে। অধিবক্তা সমাজে কি যুক্তিৰ ভিত্তিত ন্যায়ালয় আৰু আদালত স্থানান্তৰৰ বিৰোধিতা কৰি আহিছে, তাকো চৰকাৰে বিবেচনাই নকৰাৰ অভিযোগ উঠিছে৷
আনহাতে বাৰ এছ চিয়েছনৰ লগতে কে’বাটাও উকীল সন্থাই তীব্ৰ বিৰোধিতা কৰি অহা সন্দৰ্ভত অসমৰ এডভোকেট জেনেৰেল দেৱজিত শইকীয়াই কয়, ৰাইজৰ স্বাৰ্থত নহয় ব্যক্তিগত স্বার্থত কেইজন মান অধিবক্তাই অযথা বিতৰ্ক কৰি আহিছে।
