School inspector fired:১৫ হাজাৰ টকা উৎকোচ লৈ নিলম্বিত বিদ্যালয়ৰ পৰিদৰ্শকৰ বৰ্খাস্ত

বিভাগীয় আভ্যন্তৰীণ তদন্তত দোষী সাব্যস্ত জ্যোৎস্নাৰাণী বর্মনক বৰ্খাস্ত

WhatsApp Image 2026 01 08 at 5.31.53 PM

School inspector fired:

উৎকোচ লৈ চাকৰিৰ পৰা নিলম্বিত এগৰাকী বিদ্যালয়ৰ পৰিদৰ্শকক বিভাগীয় আভান্তৰীণ তদন্তৰ অন্তত ৰাজ্য চৰকাৰে চাকৰিৰ পৰা বৰ্খাস্ত কৰে ৷ বিষয়া গৰাকী হ’ল নলবাৰীৰ সংমণ্ডল বিদ্যালয়ৰ সমূহৰ তদানীন্তন পৰিদৰ্শক জ্যোৎস্নাৰাণী বর্মন ৷

উল্লেখ্য যে,জ্যোৎস্নাৰাণী বর্মন নলবাৰীৰ সংমণ্ডল বিদ্যালয়ৰ সমূহৰ পৰিদৰ্শক হিচাপে কৰ্মৰত হৈ থকা অৱস্থাত ২০২০ বৰ্ষৰ ২০ ডিচেম্বৰৰত ১৫ হাজাৰ টকা উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে গ্ৰেপ্তাৰ কৰিছিল দুৰ্নীতি নিবাৰক আৰু তদাৰকী কোষে। তাৰ পিছতে নিলম্বনৰ সন্মুখীন হোৱা আইএছ গৰাকীক সুদীৰ্ঘ পাঁচবছৰৰ অন্তত আভ্যন্তৰীণ তদন্তত দোষী সাব্যস্ত হোৱাত অৱশেষত আজি ৰাজ্য চৰকাৰে তৎকালে কাৰ্যকৰী হোৱাকৈ চাকৰিৰ পৰা বৰ্খাস্তৰ নিৰ্দেশনা জাৰি কৰে ৷

Exit mobile version