Ukraine:✒️বৃহস্পতিবাৰৰ নিশাৰ পৰা পুনৰ ইউক্রেনত আক্ৰমণ আৰম্ভ কৰিছে ৰাছিয়াই। তথ্য অনুসৰি, ড্ৰ’ন আৰু ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰি ৰাছিয়ান সেনাই কিয়েভত আক্ৰমণ চলাইছে। তথ্য অনুসৰি এই আক্ৰমণত তিনিজনৰ মৃত্যু হোৱাৰ লগতে ১৬ জন আহত হৈছে ।
শুক্রবাৰে ইউক্রেন চৰকাৰে জনায়, দেশখনৰ পশ্চিমাংশৰ লাভিভ চহৰত গুৰুত্বপূৰ্ণ পৰিকাঠামো লক্ষ্য কৰি আক্ৰমণ চলোৱা হৈছে। ইউক্রেনৰ দাবী অনুসৰি, এই আক্ৰমণত অজ্ঞাত ব্যালিষ্টিক ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰা হৈছে।
ইউক্রেন বিমান বাহিনীৰ পশ্চিম কমাণ্ডে জনোৱা মতে, ক্ষেপণাস্ত্ৰটোৰ গতি আছিল প্ৰতি ঘণ্টাত প্ৰায় ১৩ হেজাৰ কিলোমিটাৰ। ক্ষেপণাস্ত্ৰটো পৰীক্ষা কৰা হ’ব বুলিও কোৱা হৈছে।
এই আক্ৰমণত কিয়েভৰ কেবাখনো জিলা ক্ষতিগ্ৰস্ত হৈছে। কিয়েভ চহৰৰ প্ৰতিৰক্ষা বিভাগৰ বিষয়াই জনোৱা মতে, ডেছনিয়ানস্কি জিলাৰ এটা বহুতল অট্টালিকাৰ ছাদত ড্ৰ’ন আঘাত হানে। লগতে, একে জিলাৰ আন দুটা আৱাসিক ভৱনো ক্ষতিগ্ৰস্ত হৈছে।
কিয়েভৰ মেয়ৰে জানিবলৈ দিছে যে, ৰাজধানীৰ কিছু অংশত বিদ্যুৎ আৰু পানীৰ যোগান ব্যাহত হৈছে। ইয়াৰ পূৰ্বে ইউক্রেনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিয়ে দেশবাসীক সতৰ্ক কৰি কৈছিল যে, ৰাছিয়াই বৃহৎ পৰিসৰৰ আক্ৰমণৰ পৰিকল্পনা কৰিছে।
তেওঁ দাবী কৰিছিল যে, প্ৰতিকূল বতৰৰ সুযোগ লৈ ৰাজধানী লক্ষ্য কৰি আক্ৰমণ চলাব পাৰে ৰাছিয়াই।
ইফালে, বছৰৰ আৰম্ভণিতে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভৰভে দাবী কৰিছিল যে, মস্কোৰ পশ্চিমত থকা নভগৰদ অঞ্চলত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুতিনৰ বাসগৃহ লক্ষ্য কৰি ইউক্রেনীয় বাহিনীয়ে ৯১টা দূৰপাল্লাৰ ড্ৰ’ন নিক্ষেপ কৰিছিল। যদিও সকলো ড্ৰ’ন ধ্বংস কৰা হৈছিল বুলি তেওঁ দাবী কৰে।
এই ঘটনাৰ পাছতেই ৰাছিয়া-ইউক্রেন শান্তি চুক্তিৰ ভৱিষ্যৎক লৈ প্ৰশ্ন উঠিছে। ঘটনাটোক লৈ অসন্তোষ প্ৰকাশ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। তেওঁ কয়, “মই এইটো একেবাৰে ভাল নাপালোঁ। এইটো উচিত নহয়।” লগতে উদ্বেগ প্ৰকাশ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও।






























