বৃহৎ চহৰসমূহৰ এক গুৰুতৰ সমস্যা হৈছে যানজঁট। বিশেষকৈ ট্রেফিক ছিগনেলত প্রায়ে চহৰসমূহত ভয়াবহ যানজঁটে বাসিন্দাসকলক হাৰাশাস্তি কৰি আহিছে। এই সমস্যাৰ এক আধুনিক আৰু অনবদ্য সমাধান সূত্র উলিয়ালে বিশ্বৰ সবাতোকৈ ধনাঢ্য ব্যক্তি আৰু একাধিক কোম্পানীৰ স্বত্বাধিকাৰী এলন মাস্কে।
মাস্কৰ কোম্পানী দ্য ব’ৰিং কোম্পানীয়ে লাছ ভেগাছত আণ্ডাৰপ্ৰাউণ্ড ট্রান্সপ’র্টেচন ছিষ্টেম (ইউটিএছ) ভেগাছ লুপ আৰম্ভ কৰিলে ইউটিএছৰ জৰিয়তে চহৰৰ পৰিবহণ ব্যৱস্থা সম্পূর্ণৰূপে সলনি কৰিব পৰা যাব।
এই প্রকল্পৰ কাম ক্ষুদ্র ৰূপত আৰম্ভ কৰা হৈছিল আৰু কম সময়ৰ ভিতৰত আমেৰিকাত ভেগাছ লুপ জনপ্রিয় হৈছে। সামাজিক মাধ্যমত মাৰিয়’ নেফলে জনোৱা অনুসৰি, ২০২২ বর্ষত ভেগাছ লুপ নেটৱৰ্কৰ দৈর্ঘ্য আছিল মাত্র পাঁচ মাইল আৰু এই পৰিবহণ ব্যৱস্থাত পাঁচটা ষ্টেচন আছিল।
কিন্তু এতিয়া ভেগাছ লুপৰ পথৰ দৈর্ঘ্য ৭০ মাইলৰ অধিক আৰু ষ্টেচন ৯৩টা হ’ল। লাছ ভেগাছৰ প্ৰায়বোৰ গুৰুত্বপূৰ্ণ অঞ্চলক ইউটিএছ পৰিবহণ ব্যৱস্থাৰে সংযোগ কৰা হৈছে। ভেগাছ লুপৰ প্রধান বৈশিষ্ট হৈছে ই সম্পূর্ণরূপে মাটিৰ তলেদি চলাচল কৰে।
ফলত যাত্রীয়ে ৰাজপথৰ যানজঁট বা ভিৰৰ সম্মুখীন হ’ব নালাগে। এই ব্যৱস্থাত টেছলাৰ বৈদ্যুতিক গাড়ী ব্যৱহাৰ কৰা হয়। লাছ ভেগাছত এই পৰিবহণ ব্যবস্থা আৰম্ভ কৰাৰ পাছত বৰ্তমানলৈকে ২০ লাখ লোকে এই সেবা গ্রহণ কৰিলে।
সুৰংগ নিৰ্মাণৰ জৰিয়তে পৰিবহণৰ বিকল্প আধুনিক মাধ্যম হিচাপে মাস্কৰ দ্য ব’ৰিং কোম্পানীয়ে লাছ ভেগাছত ভেগাছ লুপ ব্যৱস্থাক জনপ্রিয় কৰি তুলিছে।






























