Earthquake :✒️বৃস্পতিবাৰে সন্ধিয়া কঁপি উঠিল গুজৰাটৰ ৰাজকোট । বৃহস্পতিবাৰ সন্ধিয়াৰ পৰা শুকুৰবাৰে পুৱালৈকে প্ৰায় ১২ ঘণ্টাৰ ভিতৰত মুঠ ন বাৰ কঁপিছে ৰাজকোটৰ মাটি । অৱশ্যে এই ঘটনাত এতিয়ালৈকে কোনো হতাহত বা সম্পত্তিৰ ক্ষয়ক্ষতিৰ খবৰ পোৱা হোৱা নাই।
প্ৰাপ্ত তথ্য অনুসৰি, সকলোবোৰ কম্পনেই ৰিখটাৰ স্কেলত মাইক্রো বা মাইনৰ মাত্ৰাৰ আছিল। বৃহস্পতিবাৰে নিশা প্ৰায় আঠ বাজি ৫০মিনিটৰ পাছত প্ৰথম কম্পন অনুভূত হয় আৰু শেষ কম্পনটো ধৰা পৰে শুকুৰবাৰে পুৱা ৮.৩৪ বজাত।
আটাইতকৈ বেছি তীব্ৰতা আছিল ৩.৮ মাত্ৰাৰ। ন টা কম্পনৰ ভিতৰত চাৰিটা কম্পন তিনি মাত্ৰাৰ ওপৰত আছিল আৰু সৰ্বনিম্ন মাত্ৰা আছিল ২.৭।
ভূমিকম্পৰ উৎপত্তিস্থল আছিল উপলেটাৰ পৰা প্ৰায় ২৭-৩০ কিলোমিটাৰ উত্তৰ-পশ্চিম দিশে। সাধাৰণতে গুজৰাটৰ কচ্ছ অঞ্চল ভূমিকম্প প্ৰৱণ যদিও ৰাজকোটত একেলগে ইমানবাৰ কম্পন হোৱাটো অস্বাভাৱিক বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে।
উল্লেখযোগ্য যে, যোৱা মাহতেই কচ্ছত ৪.৬ মাত্ৰাৰ ভূমিকম্প সংঘটিত হৈছিল। যদিও তেতিয়া কোনো ডাঙৰ ক্ষয়ক্ষতি হোৱা নাছিল, তথাপিও এই ঘটনাই ২০০১ চনৰ ভয়ংকৰ ভূমিকম্পৰ স্মৃতি পুনৰ সজীৱ কৰি তোলে।
সেই সময়ত প্ৰথম জোকাৰণিৰ পাছত ৩০ ঘণ্টাৰ ভিতৰত ২৪বাৰ কঁপি উঠে গুজৰাটৰ মাটি। সেই কম্পনৰ ফলতেই কাথৰোল হিল, গোড়া ডোঙাৰ আৰু নৰ্থ ৱাগদ ফল্ট নামৰ তিনিটা ফল্ট লাইন সক্ৰিয় হৈছিল।
বিশেষজ্ঞসকলৰ মতে, কচ্ছ অঞ্চল ইতিমধ্যেই ১০টাৰো অধিক ফল্ট লাইনৰ ওপৰত অৱস্থিত, যাৰ ভিতৰত কচ্ছ মেইনলেণ্ড ফল্ট আৰু ছাউথ ৱাগদ ফল্টো আছে।
যিটো ২০০১ চনৰ বিধ্বংসী ভূমিকম্পৰ সময়ত (ৰিখটাৰ স্কেলত ৭.৭) ভাঙি গৈছিল। এতিয়ালৈকে অধিকাংশ ভূমিকম্প এটা নিৰ্দিষ্ট অঞ্চলৰ ভিতৰত কেন্দ্ৰীভূত হৈ আছে।
এতিয়ালৈকে বেছিভাগ ভূমিকম্প নিৰ্দিষ্ট অঞ্চলৰ ভিতৰত কেন্দ্ৰীভূত হৈ আছে। কিন্তু ২০২৫ চনত লিপিবদ্ধ হোৱা শেহতীয়া কম্পনসমূহে ইংগিত দিয়ে যে চাপটো স্থানান্তৰিত হৈ আৰু নতুন ফল্ট চিষ্টেমলৈ বিয়পি পৰিছে।






























