Memorandum of Raijar Dal:ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্তলৈ ৰাইজৰ দলৰ স্মাৰকপত্ৰ

ভোটাৰ তালিকাৰ পৰা বিজেপি বিৰোধীৰ নাম কৰ্তনৰ অভিযোগ অখিলৰ, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ বিৰুদ্ধে নির্বাচন আয়োগলৈ অখিলৰ স্মাৰকপত্ৰ

WhatsApp Image 2026 01 09 at 4.35.23 PM 2

Memorandum of Raijar Dal:

দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্তলৈ ৰাইজৰ দলৰ স্মাৰকপত্ৰ ৷ভোটাৰ তালিকাৰ পৰা বিজেপি বিৰোধীৰ নাম কৰ্তনৰ অভিযোগ দলটোৰ মুৰব্বী তথা বিধায়ক অখিল গগৈৰ ৷যোৱা ৪ জানুৱাৰীৰ সন্ধিয়া ৮.১ বজাৰ পৰা ৮.৪১ বজালৈ অনুষ্ঠিত ভিডিঅ’ কনফাৰেন্সত বিজেপিৰ ৰাজ‍্যিক সভাপতি দিলীপ শইকীয়াই প্ৰতি বিধান সভা সমষ্টিৰ পৰা ১০ হাজাৰকৈ বিজেপি-বিৰোধী ভোটাৰ ভোটাৰ তালিকাৰ পৰা কৰ্তনৰ যি ভয়ংকৰ অভিসন্ধি ব‍্যক্ত কৰিছিল সেই ভিডিঅ’টো জব্দ কৰিবলৈকে এই স্মাৰকপত্ৰ উল্লেখ কৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ৷ উল্লেখ্য যে অসমৰ মুখ্য নির্বাচনী বিষয়া গৰাকীলৈও স্মাৰকপত্ৰ পত্ৰ প্ৰেৰণ কৰে ৰাইজৰ দলে ৷

Exit mobile version