JF-17 fighter jet:✒️সম্প্ৰতি ইছলামাবাদ ভ্ৰমণত গৈছিল বাংলাদেশৰ বায়ুসেনাৰ প্ৰধান হাছান মাহমুদ খান । পাকিস্তান সেনাৰ মিডিয়া শাখাৰ মতে, এই ভ্ৰমণত পাকিস্তানৰ স’তে সামৰিক সহযোগিতা আৰু যুদ্ধবিমান ক্ৰয় সন্দৰ্ভত আলোচনা কৰা হৈছে। সকলো দিশ বিবেচনা কৰি আগবাঢ়িলে, আগন্তুক দিনত এই বিষয়ত চুক্তি হোৱাৰ সম্ভাৱনা আছে।
এই সন্দৰ্ভত ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে জনাইছে যে, পৰিস্থিতিৰ ওপৰত সজাগ দৃষ্টিৰে নজৰ ৰখা হৈছে। শুক্ৰবাৰে সাপ্তাহিক সাংবাদিক সম্মিলনত বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয়,“এই বিষয়টো আমাৰ বাবে গুৰুত্বপূৰ্ণ, আৰু পৰিস্থিতি আমি ঘনিষ্ঠভাৱে লক্ষ্য কৰি আছোঁ।”
পাকিস্তানৰ দাবী অনুসৰি, বাংলাদেশে ‘জেএফ-১৭ থান্ডাৰ’ যুদ্ধবিমান ক্ৰয়ত আগ্ৰহ দেখুৱাইছে। এই যুদ্ধবিমানটো চীন আৰু পাকিস্তানে যৌথভাৱে নিৰ্মাণ কৰা আধুনিক ফাইটাৰ জেট।
বৰ্তমান বাংলাদেশে নিজৰ বায়ুসেনাৰ সক্ষমতা উন্নত কৰাৰ দিশে চিন্তা-চৰ্চা চলাইছে। এই প্ৰেক্ষাপটত অঞ্চলটোৰ সামগ্ৰিক পৰিস্থিতি লক্ষ্য কৰি সকলো পক্ষেই সাৱধানতা অৱলম্বন কৰা প্ৰয়োজন বুলি মত প্ৰকাশ কৰিছে পৰ্যবেক্ষকসকলে।






























