ভিভো এক্স ৩০০ প্র’: এই স্মার্টফোনটোত ৫০ মেগা পিক্সেল প্রাইমেৰী কেমেৰা, ৫০ মেগা পিক্সেল আল্ট্রা-ৰাইড লেন্স আৰু ২০x জুম পর্যন্ত সমর্থন কৰা ২০০ মেগা পিক্সেল টেলিফটো লেন্স আছে। ভিভো এক্স ৩০০ প্ৰ’ৰ প্ৰাইমেৰী কেমেৰাত ছ’নী এলৱাইটি ৮২৮ চেন্সৰ ব্যৱহাৰ কৰা হৈছে। ইয়াৰ উপৰি এই হেণ্ডছেটত চেলফিৰ বাবে উন্নত মানৰ ফ্রন্ট কেমেৰাৰো ব্যবস্থা আছে। বজাৰত ইয়াৰ দাম প্রায় এক লাখ ১০ হেজৰ টকা।
আইফোন ১৭ প্র’ মেক্স: এপলৰ
এই বিলাসী স্মার্টফোনটোত ৪৮ মেগা পিক্সেল ট্রিপল ৰিয়াৰ কেমেৰা আছে। হেণ্ডছেটটোত প্রাইমেৰী কেমেৰাৰ সমান্তৰালকৈ আল্ট্রা-বাইড আৰু টেলিফটো কেমেৰা চেন্সৰ আছে, যিয়ে ১২০এফপিএছত ৪কে ডলবী ভিজন ভিডিঅ’ সমর্থন কৰে। ফোনটোৰ সন্মুখভাগত ১৮ মেগা পিক্সেল চেলফি কেমেৰা আছে। ইয়াৰ প্ৰাৰম্ভিক দাম প্রায় এক লাখ ৫০ হেজাৰ টকা।
গুগল পিক্সেল ১০ প্র’ : ভাৰতীয় বজাৰত যোৱা বছৰ মুক্তি লাভকৰা গুগল পিক্সেল ১০ প্র’ নামৰ মডেলটোত ৫০ মেগা পিক্সেল প্রাইমেৰী কেমেৰা, ৪৮ মেগা পিক্সেল আল্ট্রা-বাইড লেন্স, আৰু ৫৫x অপটিকেল জুমৰ স’তে ৪৮ মেগা পিক্সেল টেলিফটো কেমেৰা চেন্সৰ আছে। এই ফোনটোত ৪২ মেগা পিক্সেল ফ্রন্ট কেমেৰা চেন্সৰও আছে। ইয়াৰ প্ৰাৰম্ভিক বজাৰ মূল্য হৈছে এক লাখ ১০ হেজৰ টকা।
