ঠাণ্ডাত ভৰিৰ বিষ কমোৱাৰ উপায়

krampfadern behandeln in der schweiz

Winter:✒️শীতৰ দিনসমূহত মানুহৰ নানা ধৰণৰ শাৰীৰিক সমস্যাই দেখা দিয়ে, যাৰ অন্যতম হৈছে ভৰিৰ বিষ। এয়া ঠাণ্ডাৰ দিনসমূহত অতি সাধাৰণ সমস্যা। অসহ্যকৰ ভৰিৰ বিষৰ পৰা মুক্তি পাবলৈ কেতবোৰ ঘৰুৱা প্ৰতিকাৰো আছে। যিবোৰৰ দ্বাৰা আপুনি যথেষ্ট সকাহ পাব পাৰে।

আধা কাপ বেকিং ছ’ডা দুই লিটাৰ গৰমপানীত মিহলাই ১৫ মিনিট ভৰি দুখন তিয়াই বহি থাকিব। বেকিং ছ’ডাত বিভিন্ন ধৰণৰ প্ৰদাহ বিৰোধী উপাদান আছে, যি ভৰিৰ বিষ আৰু প্রদাহ উপশমত সহায় কৰে।

ডাঙৰ চামুচৰ দুচামুচ নাৰিকল তেলত কেই টোপালমান এচেন্সিয়েল অইল মিহলাই বিষ হোৱা স্থানত আঙুলিৰে লাহে লাহে মালিচ কৰক। কিছুদিন একেৰাহে এই কাম কৰিলে বিষ কমিব। এই তেলে ভৰিৰ জীৱাণু দূৰ কৰি সংক্ৰমণমুক্ত কৰি ৰাখে। শীতত এই তেলে মঈশ্বাৰাইজাৰৰ কামো কৰে।

বিষ হোৱা স্থানত এটা হট ৱাটাৰ বেগ পাঁচৰ পৰা ১০ মিনিট মানলৈ থৈ দিব। এই প্রক্রিয়াই ৰক্ত সঞ্চালন বৃদ্ধি কৰি বিষ নিৰাময়ত ভাল কাম কৰে।

শীতত ঠাণ্ডাৰ বাবেও ভৰিৰ বিষ হ’ব পাৰে। সেয়ে ভৰিত ঠাণ্ডা লাগিবলৈ নিদিব। ডাঠ পোছাক পিন্ধিব, ভৰিত মোজা পিন্ধিব পাৰে। বিষ যদি অতি বেছি হয় বা কে’বাদিনলৈ নকমে, তেন্তে অৱহেলা নকৰি চিকিৎসকৰ পৰামৰ্শ ল’ব।

Exit mobile version