Hatsingimari:
কিমান নিষ্টুৰ হ’ব পাৰে নিজ জন্মদাত্ৰী পিতৃ- মাতৃ ৷ হাটশিঙিমাৰীত মানৱ সমাজক লজ্জানত কৰা এক অমানৱীয় ঘটনাই সকলোৰে চকু কপালত তুলিছে ৷ ধনৰ লোভত নিজ সন্তানক বিক্ৰী কৰিলে পাষাণ পিতৃ- মাতৃয়ে। ১১ হাজাৰ টকাৰ বিনিয়মত বিক্ৰী কৰিছে ২২ দিনীয়া দেৱশিশুক ৷ ইতিমধ্যে শালমাৰা-মানকাচৰৰ বেপাৰীপাৰাত এই ঘটনা সংঘটিত কৰা ৰাহিবুল বেপাৰী নামৰ লোকজনক আৰক্ষীয়ে আটক কৰিছে ৷
ADVERTISEMENT




































