Ghagrapar:
লোককৃষ্টিৰ অন্যতম বাহক হ’ল নাগাৰা নাম। প্রথম অৱস্থাত নাগাৰা নাম পুৰুষসকলে পৰিৱেশ কৰিছিল যদিও বৰ্তমানে মহিলা সকলেও পৰিৱেশন কৰি সমাদৰ লভিছে। কিন্তু শেহতীয়াকৈ এই নাগাৰা নামক জনপ্ৰিয়তাৰ বাবে বিকৃতি কৰি একাংশ শিল্পীয়ে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ নাগাৰা নামৰ প্ৰচলিত সুৰ আৰু নিয়ম ভাঙি বিভিন্ন ধৰনে সুৰ সংযোজন কৰিছে। এই মন্তব্য গুৱাহাটী জি এম বি টিউটোৰিয়াল হোমৰ সঞ্চালক গিৰিশ মল্ল বৰুৱা।
ঘগ্রাপাৰৰ পৈছাৰাস্হিত শ্রী শ্রী বাৰগোপাল থান প্রাংগণত যোৱা কালিৰে পৰা তিনিদিনীয়াকৈ আৰম্ভ হোৱা ভোগালী বিহু সভা মহোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষ যোৱা কালি নিশা মহিলাৰ নাগাৰা নাম পৰিৱেশন অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট সমাজকৰ্মী গিৰিশ মল্ল বৰুৱাই নিজৰ ভাষণত কয় যে নাগাৰা নাম হৈছে অসমৰ এক পৰম্পৰাগত লোক-পৰিৱেশ্য কলা, য’ত ‘নাগাৰা’ (ঢোল) আৰু ‘তাল’ (তাল) বাদ্যযন্ত্ৰৰ সহায়ত আধ্যাত্মিক গীত গাই পৰিৱেশন কৰা হয়। তেওঁ লগতে থানখনৰ ৰূপালী জয়ন্তী বৰ্ষ গৰকা কাৰ্যত শলাগ লোৱাৰ উপৰিও থানখনৰ উত্তৰতোৰ কামনা কৰে। অনুষ্ঠানত নিশা পৰলৈকে অসমৰ জনপ্রিয় নাগাৰা নামৰ শিল্পী অনিতা তালুকদাৰ আৰু ভনীতা বৰুৱা নাগাৰা নাম পৰিৱেশন কৰি অজস্র জনতাৰ মন মুহিত কৰি তোলে।